শুশ্ৰূষা সেতু’ উদ্যোগৰ অন্তৰ্গত কামৰূপ মহানগৰত অনুষ্ঠিত হ’ব বৃহৎ স্বাস্থ্য শিবিৰ
গুৱাহাটী, ১৩ অক্টোবৰ: অসম চৰকাৰে ৰাজ্যব্যাপী স্বাস্থ্য সেৱা জনসাধাৰণৰ দুৱাৰলৈ লৈ যোৱাৰ লক্ষ্যৰে ‘শুশ্ৰূষা সেতু’ শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। ১৮ ছেপ্তেম্বৰ, তাৰিখৰ পৰা আৰম্ভ হোৱা এই উদ্যোগৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত মুঠ পাঁচটা বিধানসভা সমষ্টিত এই বৃহৎ স্বাস্থ্য শিবিৰসমূহ আয়োজন কৰা হ’ব।
‘শুশ্ৰূষা সেতু’ উদ্যোগৰ মূল উদ্দেশ্য হ’ল ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ বিভিন্ন ৰোগৰ প্ৰাথমিক পৰ্যায়ৰ নিৰ্ণয় আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা। শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা বিনামূলীয়া পৰীক্ষা কৰা হ’ব। শিশু ৰোগ, হৃদৰোগ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ, চৰ্মৰোগ, স্নায়ুৰোগ, দাঁতৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্ব, অস্থিৰোগ আদি সহ মুঠ ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হ’ব।
কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই শিবিৰসমূহত নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্ৰেল, ডিমৰীয়া আৰু দিশপুৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত। ১৪ অক্টোবৰ, তাৰিখে নিউ গুৱাহাটী বিধানসভা সমষ্টিত চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত, ১৬ অক্টোবৰ, গুৱাহাটী চেন্ট্ৰেলত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) খেলপথাৰত, ২৪ অক্টোবৰ, তাৰিখে ডিমৰীয়া বিধানসভা সমষ্টিত কাৰ্ছিয়া যোগদল সমন্বয় ভবনত আৰু ৩১ অক্টোবৰ, তাৰিখে দিশপুৰ বিধানসভা সমষ্টিত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত এই শিবিৰসমূহ আয়োজন কৰা হ’ব। প্ৰতিটো শিবিৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব।
এই শিবিৰসমূহৰ যোগেদি কামৰূপ মহানগৰ জিলাৰ সাধাৰণ জনগণে নিজৰ স্থানীয় ক্ষেত্ৰতহে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। ৰাজ্য চৰকাৰৰ এই মহৎ পদক্ষেপে স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ মাজত এক ইতিবাচক স্বাস্থ্য পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

No comments