এন. এফ . ৰেলৱে মজদুৰ ইউনিয়নৰ, মালিগাঁও শাখাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন- জুবিন গাৰ্গৰ জন্ম দিৱ উদযাপনৰ সিদ্ধান্ত
গুৱাহাটী, ১০ অক্টোবৰ: যোৱা শুকুৰবাৰে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়ন, মালিগাও শাখাৰ শাখা কাৰ্যালয়ত এখন গুৰুত্বপূৰ্শ কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভনিতে অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ আৰু বিগত সময়ত পৰলোকপ্ৰাপ্তি হোৱা গন্য মান্য ব্যক্তিসকলৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। কাৰ্যনিৰ্বাহক সভাত ইউনিয়নৰ সাংগঠনিক দিশ সম্পৰ্কে বিতং ভাবে আলোচনা কৰা হয় আৰু কেইবাটাও সিদ্ধান্ত গুৰুত্বপূৰ্ণ গ্ৰহণ কৰা হয়।সেই অনুসৰি সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু, প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন অহা ১৮ নৱেম্বৰ আৰু ১৯ নৱেম্বৰত দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে এন.এফ ৰেলৱে সদৰ কাৰ্যালয়ৰ চৌহদত পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
প্ৰতি বছৰে এই জন্ম দিৱস উদযাপনৰ জৰিয়তে বিপ্লৱী সত্তা জুবিন গাৰ্গৰ মানৱ দৰদী আদৰ্শ আৰ সংগীত -সাহিত্য সম্পৰ্কীয় সৃষ্টি ৰাজিক যুৱ প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰা হব বুলি শ্ৰমিক নেতা পংকজ কলিতাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে -এই সভাতেই পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিধায়ক পুজিৰ সাহায্যৰে বিশিষ্ট সাহিত্যিক, প্ৰাক্তন সাংসদ তথা প্ৰবীণ সমাজবাদী নেতা হেম বৰুৱাৰ স্মৃতিত এটা "হেম বৰুৱা কমিউনিটি ডেভেলপমেন্ট চেন্টাৰ আৰু পুথিভঁৰাল " নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যকৰী সভাত জ্যেষ্ঠ শ্ৰমিক নেতা উত্তম কুমাৰ ভট্টাচাৰ্য,শ্ৰমিক নেতা ক্ৰমে দেবান মিলি , বিদ্যুত কুমাৰ বৰ্মন, হীৰেন ডেকা, হৰিদেৱ বৰ্মন, ৰাজীব কৰ, অৰিজিত চৌধুৰীকে ধৰি মজদুৰ ইউনিয়নৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

No comments