Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জুবিনক শ্রদ্ধাঞ্জলি জনালে ডিসেবিলিটিজ ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকল



গুৱাহাটী, ২১ ছেপ্তেম্বৰঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সংগীতকাৰ আৰু অভিনেতা জুবিন গাৰ্গৰ অকাল মৃত্যু নবযুৱ সমাজে মানি ল'ব পৰা নাই। জুবিন অনুৰাগীসকলে জুবিনৰ প্ৰতিচ্ছবিৰে ৰাজ্যৰ প্ৰতিটো এলেকাত, প্ৰতিটো কলোনীত শ্রদ্ধাঞ্জলি নিবেদন কৰি দেখা গৈছে।



মালিগাঁও তেতুলীয়া অৱস্থিত পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চনছ উইথ ডিসেবিলিটিজ ইনষ্টিটিউট প্ৰাংগণত ভিছন চানৰাইজ এনজিঅ’ৰ মাননীয় সদস্যসকল আৰু ডিসেবিলিটিজ ইনষ্টিটিউটৰ অধ্যক্ষ, শিক্ষক-শিক্ষিকা, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়বাসীয়ে জুবিন গাৰ্গৰ প্ৰতিমূর্তিত ফুলৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।


No comments

Powered by Blogger.