Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি : সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ।




গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: অসমৰ সাংস্কৃতিক আৰু সংগীত আৰু বোলছবি জগতৰ ধ্রুবতৰা, জনতাৰ নয়নৰ মণি, যুৰ প্ৰজন্মৰ হার্টথ্র'ব, একেধাৰে কথাছৱিৰ প্ৰযোজক, পৰিচালক, অভিনেতা, গীতিকাৰ, সুৰকাৰ, বাদ্যবাদক, মানৱদৰদী বিশাল হৃদয়ৰ অধিকাৰী জুবিন গার্গে যোৱা ইং ১৯ ছেপ্তেম্বৰত অকালতে জীৱন নাটৰ সামৰণি মাৰা অসম, ভাৰত তথা বিশ্বৰ অন্যতম এই গণশিল্পী গৰাকীৰ মহাপ্রয়াণত ব্যথিত পশ্চিম বড়াগাওঁ মিকিৰঘূলি পূৱ নিজৰাপুৰ মিলিজুলি ১ নং উপপথ উন্নয়ন সমিতি আৰু সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ উদ্যোগত আজি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্য এখন সর্বধর্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে পুষ্পঅর্ঘ্য নিবেদন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে ভগবানৰ ওচৰত দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গ তথা জুবিনৰ আত্মাৰ সদগতিৰ কামনা কৰে । তাৰোপৰি সভাত ভাগৱত পাঠ , গীতা পাঠ , কোৰাণ পাঠ , বাইবেল পাঠ , আদি গ্ৰন্থ পাঠ কৰাৰ লগতে জুবিনৰ কবিতা পাঠ , ভক্তি মুলক গীত পৰিৱেশন কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পূৱ নিজৰাপুৰ মিলিজুলি ১ নং উপপথ উন্নয়ন সমিতিৰ সভাপতি গয়াৰাম কলিতা,সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ সম্পাদক বসন্ত কলিতাকে ধৰি সংগঠনটোৰ বিষয়ববীয়া, সদস্য, উন্নয়ন সমিতিৰ বিষয়ববীয়া সদস্য উপস্থিত থাকে।

No comments

Powered by Blogger.