সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ প্ৰস্তুত গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী, ছেপ্টেম্বৰ ২৫, ২০২৫ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষাবর্ষৰ পৰা চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰিব। চলিত মাহৰ ১৮ ছেপ্টেম্বৰত 'ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ' (এনসিচিটিই)ৰ পৰা প্ৰাপ্ত লেটাৰ অফ ইটেণ্ট (এল ওআইৰ) আধাৰত বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধীনত চাৰি বছৰৰ বি.এ., বি.এড. আৰু বি.এছ. বি.এড. পাঠ্যক্ৰম আৰম্ভ হ'ব। এই পদক্ষেপে শিক্ষকৰ প্ৰশিক্ষণক আধুনিক আৰু সমন্বিত ৰূপ প্ৰদান কৰিব বুলি সংশ্লিষ্ট বিভাগে আশা প্ৰকাশ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উন্নয়নমুখী উক্ত পাঠ্যক্ৰমৰ ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, "সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ আৰম্ভণি অসমৰ বাবে এক ঐতিহাসিক পদক্ষেপ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দক্ষ আৰু আধুনিক দৃষ্টিভংগীৰ শিক্ষক গঢ়ি তোলাৰ ক্ষেত্ৰত এই পাঠ্যক্ৰমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ মূল লক্ষ্যসমূহক সমন্বিত, বহুমুখী আৰু অনুশীলনমুখী কৰাৰ দিশে গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় নিৰ্দেশক ভূমিকা গ্ৰহণ কৰি আহিছে। আশা কৰোঁ, উক্ত পাঠ্যক্ৰমৰ জৰিয়তে অসমৰ শিক্ষাখণ্ড আৰু শিক্ষক সমাজ উপকৃত হ’ব।"
সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ জৰিয়তে পেচাদাৰীভাৱে প্ৰশিক্ষিত, দক্ষ আৰু অনুপ্ৰাণিত শিক্ষক গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰা হ’ব।

No comments