Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন ; পাণ্ডুৰ পুৰণি ষ্টেচন কলনীৰ দূৰ্গা পূজাত আদ্যশ্ৰাদ্ধৰ পৰিৱেশ


 
গুৱাহাটী ,২৭ ছেপ্টেম্বৰ : অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু হোৱাৰ আঠোটা দিন অতিক্ৰম হোৱাৰ পাছতো শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজ শোকাহঁত হৈ আছে। ইয়াৰ প্ৰভাৱ পৰিছে সমাগত শ্ৰী শ্ৰীদূৰ্গা পুজাতো । বেছিভাগ দূৰ্গা পূজা উদযাপন কমিটীয়ে পূজাৰ সাংস্কৃতিক কাৰ্যসূচী সমুহ বাতিল কৰিছে। ইফালে এই শোকাঁহত পৰিস্থিতিৰ মাজতেই গুৱাহাটীৰ পাণ্ডু  পুৰণি ষ্টেচন কলনীৰ দূৰ্গা পূজা উদযাপন কমিটীয়ে মহান শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেঁওলোকৰ দূৰ্গা পূজাৰ পেণ্ডেল আদ্যশ্ৰাদ্ধৰ  পেন্দেলৰ দৰে বগা কাপোৰৰে আবৃত কৰিছে। 

এই সন্দৰ্ভত পূজা উদযাপন কমিটীৰ সভাপতি দ্বিজেন লহকৰ , সম্পাদকদ্বয় ৰক্তিম লহকৰ আৰু মুকেশ কুমাৰে প্ৰসাদে জানিবলৈ দিয়া মতে ১৯৫৭ চনত স্থাপিত পাণ্ডু পুৰণি ষ্টেচন কলনীৰ দূৰ্গা পূজাই সফলতাৰে ৬৮ টা বছৰ অতিক্ৰম কৰি এইবেলি ৬৯ টা বৰ্ষত ভৰি দিছে। মিনি ইণ্ডিয়া স্বৰূপ পাণ্ডুৰ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকক একতাৰ দোলেৰে  বান্ধি ৰাখিবলৈ সক্ষম হৈছে পুৰণি ষ্টেচন কলনীৰ পূজাভাগে। 

আনহাতে জনতাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগে আমাকো অতি মৰ্মাহত কৰিছে। যাৰ বাবে আন বহু পূজা উদযাপন কমিটীৰ দৰে আমিও পূজাৰ সকলো সাংস্কৃতিক আৰু আড়ম্পূৰ্ণ কাৰ্যসূচী পৰিহাৰ কৰি কেৱল আধ্যাত্মিক পৰিবেশৰ মাজত হে পূজাভাগ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। একেদৰে মহান শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি পূজাৰ সমগ্ৰ চৌহদটো মানুহৰ মৃতকৰ আদ্যশ্ৰাদ্ধৰ বগা কাপোৰেৰে আবৃত কৰি দিয়া হৈছে। 

আনহাতে  ষষ্ঠী পূজাৰ দিনাৰ পৰা পেন্দেলত জুবিন গাৰ্গৰ কেবাখনো ফটো আৰি দিয়া হব। তাত ভক্তপ্ৰাণ ৰাইজে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। একেদৰে পূজা চৌহদত বাজি থাকিব মায়াবিনী ৰাতিকে ধৰি জুবিন গাৰ্গৰ দুটামান  কালজয়ী গীত।

No comments

Powered by Blogger.