শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে অধিবক্তা সমাজ কঠোৰ ।
গুৱাহাটী , ২৬ ছেপ্টেম্বৰ : হিয়াৰ আমঠু অসমীয়া জাতিৰ সত্তা বিশ্ব সম্পদ শিল্পী জুবিনগার্গৰ অকাল মৃত্যুত সমাজ জীৱনত এক গভীৰ অসহনীয় আৰু মানি ল'ব নোৱাৰা পৰিবেশ সৃষ্টি হৈছে। প্রয়াত শিল্পী গৰাকীৰ ছিংগাপুৰত যি অস্বাভাৱিক মৃত্যু হ'ল ইয়াত ৰাইজে গভীৰ ৰহস্য আৰু সন্দেহৰ লগতে ষড়যন্ত্ৰৰ গোন্ধ পাইছে। এক বিবৃতি যোগে সদৌ অসম উকীল সস্থাই এই কথা উল্লেখ কৰি কয় যে সমগ্ৰ অসমৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অস্বাভাবিক মৃত্যুত জড়িত ব্যক্তিৰ বিৰুদ্ধে ভিন্ন স্থানত ইতিমধ্যে F.I.R. ৰুজু কৰিছে। অসম চৰকাৰে তৎপৰতাৰে "বিশেষ তদন্তকাৰী গোট SIT" গঠন কৰিছে যাতে প্রকৃত তদন্তৰ মাজেৰে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায়। অভিযুক্ত দুই এগৰাকী দুৰাচাৰী লম্পট আৰু নৈতিকভাৱে অধঃপতিত লোক হিচাবে ইতিমধ্যে প্রতিয়মান হৈছে।
যিহেতু এই সকল ব্যক্তি অগ্রিম জামিন বা জামিন বিচাৰি অধিবক্তা সকলৰ ওচৰত আইনী সাহাৰ্য্যৰ বাবে আহিব পাৰে। যিহেতু শিল্পী জুবিন গাৰ্গ এক জাতীয় সত্তা, অসমীয়া সাংস্কৃতিক জনজীৱনৰ এক পৰিচয় আৰু এইগৰাকী মহান শিল্পীৰ অস্বাভাবিক মৃত্যুত যি সকল অভিযুক্ত সেই সকলৰ সপক্ষে অধিবক্তা সমাজে নৈতিক আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সুচিন্তিতভাবে সমাজৰ পক্ষত থিয় হ'বলৈ আহ্বান জনায়়। লগতে সদৌ অসম উকীল সন্থাৰ সমূহ সদস্যক উকীল সন্থাই এই ক্ষেত্রত দৃঢ় পদক্ষেপ লবলৈ আহ্বান জনায়়। আইন সমাজৰ বাবে, সমাজ হ'ল আইনৰ বাবে। প্রকৃত আইন সম্মত সমাজ ব্যবস্থা গঢ় দিয়াতো অধিবক্তা সকলৰ সামাজিক ধর্ম। ন্যায়পালিকাৰ প্রতি শ্রদ্ধা জনাই আমি ক'ব বিচাৰিছোঁ যে অধিবক্তা সকল ব্যক্তি হিচাপে এই গোচৰৰ বৃত্তিগত চিন্তাৰ উৰ্দ্ধত থাকি সমাজ সচেতক ভূমিকা লোৱাৰ নিত্যান্তই এই জটিল সময়ত প্রয়োজন।

No comments