গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন হব জুবিন গাৰ্গৰ আৱক্ষ মূৰ্ত্তি
গুৱাহাটী, ছেপ্টেম্বৰ ২৬: কালজয়ী কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজিক শ্ৰদ্ধা আৰু সংৰক্ষণ কৰাৰ উদেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰে। ঘোষণা অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰটো জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ'ব, কেন্দ্ৰটোৰ সন্মুখত এটি আৱক্ষ মূৰ্ত্তি স্থাপন, জুবিন গাৰ্গৰ অসাধাৰণ জীৱন আৰু সৃষ্টিশীল যাত্ৰাৰ প্ৰতিচ্ছবি সম্বলিত তথা নথিভুক্ত কফি টেবুল বুক প্ৰকাশ কৰা হ'ব লগতে যুৱ কলা-কুশলীক অনুপ্ৰাণিত কৰাৰ স্বাৰ্থত বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত 'জুবিনৰ গান' শীৰ্ষক এক নিৰ্দিষ্ট শাখাত গানৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
উক্ত ঘোষণা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ঊল্লেখ কৰে যে, "জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল। তেওঁ আছিল এক আৱেগ, যিয়ে সমগ্ৰ অসমক একত্ৰিত কৰি জনসাধাৰণৰ গভীৰ আকাংক্ষাক বিশ্বদৰবাৰত প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ সন্মানত গুৱাহাটী বিশ্ববিদ্যালয়ে কৰা ঘোষণাই ভৱিষ্যত প্ৰজন্মক সৃষ্টিশীল মনোভাৱ ৰক্ষা কৰি আগুৱাই যাবলৈ প্ৰেৰণা যোগাব বুলি আমি আশাবাদী।"
জুবিন গাৰ্গক জীয়াই ৰক্ষাৰ স্বাৰ্থত লোৱা প্ৰচেষ্টাসমূহৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শিল্পীজনৰ জীৱন আৰু কৰ্মক উদযাপন কৰাৰ দায়িত্ব এখোজ আগুৱাই নিছে।

No comments