Thursday, October 8, 2026

সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাত স্বাস্থ্য আৰু কল্যাণ শিবিৰ


গুৱাহাটী, ৮ অক্টোবৰ ২০২৬: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ দুটা স্থানত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়।

চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চন্দ্ৰপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰটো ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত মনজিৎ বৰকাকতিয়ে শিবিৰত প্ৰদান কৰা স্বাস্থ্য সেৱাসমূহ পৰ্যবেক্ষণ কৰে।

আনহাতে, উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত কৰ্মবীৰ নৱীন চন্দ্ৰ বৰদলৈ পেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰটো অসমৰ মুখ‍্যমন্ত্ৰীৰ বিশেষ কৰ্তব‍্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত থাকি শিবিৰটোৰ বিভিন্ন সেৱাসমূহ পৰিদৰ্শন কৰে।

দুয়োটা শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চৰ্ম, কাণ-নাক-ডিঙি, দন্ত, আয়ুষ আদি বিশেষজ্ঞ সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসংক্ৰামক ৰোগ, যক্ষ্মা, এইচ আই ভি আদিৰ পৰীক্ষণৰ লগতে যোগা প্ৰদৰ্শণ, মানসিক স্বাস্থ‍্য, পৰিয়াল পৰিকল্পনা, পুষ্টি, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা আৰু  পৰামৰ্শ প্ৰদান কৰা হয়।

তদুপৰি,  আয়ুষ্মান ভাৰতৰ অধীনত AB-PMJAY কাৰ্ডৰ পঞ্জীয়ন আৰু E-KYC, জন্ম-মৃত‍্যু পঞ্জীয়ণ, দিব‍্যাংজন প্ৰমানপত্ৰ(UDID),পৰীক্ষাগাৰ সেৱাৰ পৰাকে ধৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে প্ৰয়োজনীয় হিতাধিকাৰীসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থাও কৰা হয়।

চন্দ্ৰপুৰ শিবিৰত ৪৯৩ আৰু উত্তৰ গুৱাহাটী শিবিৰত ৫০২ গৰাকী হিতাধিকাৰীয়ে বিভিন্ন স্বাস্থ্য সেৱা লাভ কৰে।


No comments:

Post a Comment