Friday, August 28, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত Gauhati University Conclave সম্পন্ন


 

গুৱাহাটী, আগষ্ট ২৮, ২০২৬ : যুৱসমাজ, উদ্যোগিতা, শিক্ষা আৰু নেতৃত্বৰ নতুন সম্ভাৱনাক একত্ৰিত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে এক বিশেষ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ‘Gauhati University Conclave’ অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলৰ মাজত আত্মবিকাশ, নেতৃত্বৰ দক্ষতা, উদ্যোগী চিন্তা আৰু সমসাময়িক প্ৰযুক্তিগত জ্ঞানৰ বিকাশৰ বাবে এক নতুন মঞ্চ হিচাপে উক্ত কনক্লেভৰ আয়োজন কৰা হয়।

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকাৰ আৰম্ভণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা, যুৱসমাজ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত ৰূপান্তৰৰ প্ৰয়োজনীয়তা তথা সম্ভাৱনাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেখেতে আৰ্ট অফ লিভিঙক আলম কৰি উল্লেখ কৰে যে, ''নিজকে জানি, নিজৰ সামৰ্থক উপলব্ধি কৰি আৰু নিৰন্তৰ শিকি যোৱাৰ মানসিকতা গঢ়ি তোলাৰ জৰিয়তে এগৰাকী ব্যক্তিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন হয়। শিক্ষাই কেৱল পাঠ্যপুথিৰ জ্ঞান অৰ্জনতে সীমাবদ্ধ নহয়, বৰঞ্চ জীৱনৰ অভিজ্ঞতা, আত্মবিশ্লেষণ আৰু নিৰন্তৰ আত্মশিক্ষাৰ জৰিয়তে নিজকে প্ৰতিদিনে অধিক উন্নত কৰি তোলাটোৱেই প্ৰকৃত শিক্ষাৰ অন্যতম উদ্দেশ্য হ'ব লাগে।"

দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুত বৰদলৈ ডাঙৰীয়াই সন্মানীয় অতিথিৰ আসন অলংকৃত কৰি দেশৰ যুৱশক্তিক কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত নিজৰ দক্ষতাৰে আগুৱাই যাবলৈ আহ্বান জনায়। 

কনক্লেভ উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে আত্মবিকাশক আজিৰ যুৱশক্তিৰ অন্যতম মূল শক্তি বুলি উল্লেখ কৰি জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাসেৰে নিজকে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কনক্লেভত Empowering Youths of Assam for a Developed Assam, Towards Viksit Bharat আৰু REGIONALISM, NATIONALISM AND ROLE OF YOUTH শীৰ্ষক আলোচনা সত্ৰত বিশিষ্ট ব্যক্তিসকলে অতি মনোগ্ৰাহী বক্তৃতা দাঙি ধৰে। 

সহকাৰী পঞ্জীয়ক ড⁰ হিৰকজ্যোতি শৰ্মাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত থাকে।

No comments:

Post a Comment