গুৱাহাটী ,২৩ আগষ্ট: অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, গুৱাহাটীৰ ৰূপনগৰৰ ডেকাগিৰি পথ নিবাসী প্ৰয়াত কৰুণা কান্ত কলিতাৰ সহধর্মিনী চপলা কলিতাৰ ২২ আগষ্টত বাৰ্দ্ধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ । ১৯৪৫ চনৰ ১০ অক্টোবৰত ডিব্রুগড়ৰ খলিহামাৰিত জন্মগ্ৰহণ কৰা চপলা কলিতা বৈবাহিক সূত্ৰে ৰূপনগৰত বাস কৰিছিল আৰু তেওঁ ২০০৫ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
মৃত্যুৰ সময়লৈকে তেওঁ ৰূপনগৰ জ্যেষ্ঠ নাগৰিক সমিতি , ৰূপনগৰ শাখা সাহিত্য সভা, ৰূপনগৰ শংকৰী কৃষ্টি কলা পৰিষদ নামঘৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ একমাত্র পুত্র লাচিত কালিতা , বোৱাৰী ডলী কলিতা, তিনিগৰাকী জীয়ৰী, জোঁৱাই , নাতি - নাতিনীসহ অজস্র গুনমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান - প্রতিষ্ঠান, স্থানীয় বাসিন্দা বহু গুনমুগ্ধ শুভাকাংক্ষীয়ে বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ।

No comments:
Post a Comment