গুৱাহাটী :: ৩১ আগষ্ট :: মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক তথা শ্ৰমিক নেতা, বিশিষ্ট সমাজকৰ্মী নন্দেশ্বৰ ঠাকুৰীয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি নন্দেশ্বৰ ঠাকুৰীয়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত তথা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ নতুন সভাকক্ষত এটা স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটোৰ আৰম্ভণিতে নন্দেশ্বৰ ঠাকুৰীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ কুমাৰ কলিতাই । প্ৰয়াত নন্দেশ্বৰ ঠাকুৰীয়াৰ পুত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অমিতাভ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই উপস্থিত সকলো অতিথি তথা অভ্যাগতক আদৰণি জনাই অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । উদ্বোধনী ভাষণত অধ্যক্ষা ডঃ ভট্টাচাৰ্যই পশ্চিম গুৱাহাটী মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত প্রয়াত নন্দেশ্বৰ ঠাকুৰীয়াৰ বহুমূলীয়া অৱদান সম্পৰ্কত এক অনন্য বিশ্লেষণ আগবঢ়ায় ।
অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাস, পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ন কলিতা, নিৱন্ধকাৰ অশোক ঠাকুৰীয়া আৰু চন্দ্ৰকান্ত দাস । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসৰ অধ্যক্ষতাত "প্ৰয়াত নন্দেশ্বৰ ঠাকুৰীয়া আৰু তেওঁৰ জীৱন দৰ্শন" শীৰ্ষক এটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া গৌতম তালুকদাৰ আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱ কুমাৰ কলিতা । ভাষণ প্ৰসংগত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দেৱ কুমাৰ কলিতাই কয় যে--"শ্ৰমিক নেতা নন্দেশ্বৰ ঠাকুৰীয়া আছিল এগৰাকী জীৱন অনুৰাগী তথা
মানৱতাবাদী ব্যক্তি । নন্দেশ্বৰ ঠাকুৰীয়া শিক্ষাবিদ নাছিল, তেওঁ আছিল এগৰাকী মহৎ শিক্ষানুৰাগী ব্যক্তি । সমাজবাদ আৰু মানৱতাবাদ আছিল তেওঁৰ চিন্তা দৰ্শনৰ মূলধন। তাহানিতেই শিক্ষাৰ মহত্ব বুজিছিল । তেওঁ দেখুৱাই দি গৈছে সমাজখন আগবাঢ়ি যাবলৈ হ'লে মানুহ শিক্ষিত হ'ব লাগিব । শিক্ষাৰ সুচলতা তৰান্বিত হ'ব লাগিলে মানুহ শিক্ষিত হ'ব লাগিব ।" আনহাতে অনুষ্ঠানটোত উপস্থিত থাকি পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসে প্ৰয়াত নন্দেশ্বৰ ঠাকুৰীয়াৰ জীৱন দৰ্শন সন্দৰ্ভত এক মননশীল বক্তব্য আগবঢ়ায় ।


No comments:
Post a Comment