Monday, August 31, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত বটদ্ৰৱা থানত 'প্ৰাচীন সাঁচিপতীয়া পুথিৰ পঠন আৰু সংৰক্ষণ' শীৰ্ষক এদিনীয়া কৰ্মশালা



গুৱাহাটী, আগষ্ট ৩১: অসমৰ সমৃদ্ধ ঐতিহ্য, সত্ৰীয়া সংস্কৃতি আৰু পুৰণি জ্ঞান-পৰম্পৰাৰ অমূল্য দলিল হিচাপে বিবেচিত প্ৰাচীন সাঁচিপতীয়া পুথিৰ পঠন, অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত, অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱতীৰ্থ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত বটদ্ৰৱা থানৰ প্ৰাঙ্গণত সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত দেওবাৰে 'প্ৰাচীন সাঁচিপতীয়া পুথিৰ পঠন আৰু সংৰক্ষণ' শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। 

উক্ত কৰ্মশালাৰ জৰিয়তে অসমৰ সত্ৰসমূহত সংৰক্ষিত প্ৰাচীন পুথিৰ পঠন-পৰম্পৰাক পুনৰ সজীৱ কৰাৰ লগতে নতুন প্ৰজন্মক এই অমূল্য জ্ঞান-সম্পদৰ সৈতে পৰিচয় কৰাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সাঁচিপতীয়া পুথিসমূহত সংৰক্ষিত হৈ থকা সাহিত্য, ইতিহাস, ধৰ্মীয় চিন্তা, সংস্কৃতি আৰু পৰম্পৰাগত জ্ঞানৰাজিৰ সংৰক্ষণৰ ক্ষেত্ৰতো এনে পদক্ষেপৰ গুৰুত্বৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়।

কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ পাণ্ডুলিপি সংৰক্ষণ বিভাগৰ সহ-সংৰক্ষক ধনজিৎ তালুকদাৰে প্ৰাচীন সাঁচিপতীয়া পুথিৰ পঠন-পদ্ধতি, পুথিসমূহৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য, লগতে সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰিক দিশসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰে।

কৰ্মশালাৰ সন্দৰ্ভত ধনজিৎ তালুকদাৰে উল্লেখ কৰে যে,  “সাঁচিপতীয়া পুথিসমূহ কেৱল অতীতৰ স্মাৰক নহয়, ইয়াৰ প্ৰতিটো পাতত অসমৰ জ্ঞান, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাৰ অমূল্য সম্পদ সংৰক্ষিত হৈ আছে। এই পুথিসমূহৰ পঠন-পৰম্পৰাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ দিশ-নিৰ্দেশনাত সময়ে সময়ে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আমি আশাবাদী, এই প্ৰচেষ্টাই আমাৰ ঐতিহ্য সংৰক্ষণৰ লগতে যুৱ প্ৰজন্মক নিজৰ শিপা আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে অধিক নিবিড়ভাৱে সংযোগ স্থাপন কৰাত সহায় কৰিব।”

অনুষ্ঠানত সমন্বিত যুৱতীৰ্থৰ সভাপতি জানমণি মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত লাচিত বৰদলৈ, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা আৰু সত্ৰাধিকাৰ অম্লানজ্যোতি গোস্বামী সমন্বিতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে, অসমৰ পুৰণি জ্ঞান-পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সাঁচিপতীয়া পুথিৰ পঠন আৰু সংৰক্ষণৰ এনে প্ৰশিক্ষণমূলক কাৰ্যসূচীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। পুৰণি পুথিৰ পাতত সঞ্চিত জ্ঞানক নতুন প্ৰজন্মৰ হাতত তুলি দিয়াৰ এই প্ৰয়াসে অতীত আৰু ভৱিষ্যতৰ মাজত এক সজীৱ জ্ঞান-সেতু নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে।

No comments:

Post a Comment