গুৱাহাটী ,২৯ আগষ্ট : গুৱাহাটীৰ সাতমাইলস্থিত জালুকবাৰী ছোৱালী হাইস্কুলত নতুন পৰিচালনা সমিতি গঠন উপলক্ষে আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । অসম চৰকাৰ শিক্ষা বিভাগৰ ( চিঠি নং E-82602/16 ) ৰ নিৰ্দেশনা মৰ্মে সভাত বিদ্যালয়খনৰ নতুন পৰিচালনা সমিতিখন গঠন কৰা হয়।
সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্ৰী মনিষা ভূঞা, শিক্ষক ইনামুল হক, ইচমাইল হুছেইন, দীপাৰাণী দাস , কমিটিৰ বিভিন্ন পদত অধিষ্ঠিত ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী, সমাজকর্মী বিশ্বজিত বর্মন, শিক্ষাবিদ ৰবীন ৰাজবংশী সহিতে বহু বিশিষ্ট লোক উপস্থিত থাকে |
সভাত চপলা দাস বর্মনক সভানেত্ৰী আৰু তবিবুন নেছাক উপ সভানেত্ৰী হিচাপে বাচনি কৰা হয় | চৰকাৰৰ নির্দেশনা মর্মে নতুন কমিটিৰ সভাপতি, উপ সভাপতি অভিভাৱকৰ ফালৰ পৰা বাচনি কৰা হৈছে | নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰা, আন্তঃগাঁথনিৰ বিকাশ আৰু ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
No comments:
Post a Comment