Tuesday, August 18, 2026

অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত 'বিষ্ণু প্ৰসাদ ৰাভা আৰু জনতা' শীৰ্ষক গ্ৰন্থ উন্মোচন


গুৱাহাটী , ১৮ আগষ্ট :  দেশৰ স্বাধীনতাৰ ৮০ সংখ্যক  দিৱস উদযাপনৰ লগত সংগতি ৰাখি ১৫ আগষ্টৰ দিনা  নিশা ৮ বজাত অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সৌজন্যত "বিষ্ণু প্ৰসাদ ৰাভা আৰু জনতা" শীৰ্ষক এখন গ্ৰন্থ গুগল মীটৰ  জৰিয়তে উন্মোচন কৰা হয় । গ্ৰন্থখন সম্পাদনা কৰিছে শাখাৰ সভাপতি হিৰণ ভূঞাই  আৰু ত্ৰিদিপ বৰুৱাই 'ত্ৰাতৃ এপ'ৰ জৰিয়তে ই-বুক ৰূপে প্ৰকাশ কৰিছে। 

মুম্বাই তথা অসমৰ মুঠ ৩৬ গৰাকী লেখকৰ লেখাৰে সমৃদ্ধ এই গ্ৰন্থখন "নৱপ্ৰজন্ম"লৈ উছৰ্গা কৰা হৈছে। আনহাতে গুগল মীটৰ জৰিয়তে অনুষ্ঠিত অনুষ্ঠানত  গ্ৰন্থখন উন্মোচন কৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান  হেমৰাজ ৰাভাই। অনুষ্ঠানত  নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডঃ জগদীশ পাটগিৰিয়ে। দুয়োগৰাকী বক্তাই  তথ্যসমৃদ্ধ আৰু অনুপ্ৰেৰণাদায়ক ভাষণে উপস্থিত শ্ৰোতা-দৰ্শকক আপ্লুত কৰে ।

 শাখাৰ সভাপতি হিৰণ ভূঞাই আদৰণি ভাষণত স্বৰচিত কবিতাৰে বিষ্ণু প্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত  শাখাৰ প্ৰাক্তন সভাপতি সুৰাইয়া জাহান, বিশিষ্ট লেখক, আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তী,  মানসী দাস আদিয়ে চমু ভাষণ আৰু শুভেচ্ছা বক্তব্য আগবঢ়ায়।  আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গুগল মীটৰ কাৰিকৰী দিশটো পৰিচালনা কৰে শাখাৰ সম্পাদক  দীক্ষা পাঠক খাটনীয়াৰে । 

অনুষ্ঠানটো পৰিচালনা কৰে সহকাৰী সম্পাদক  মৌচুমী দাসে।  সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে দিয়া ওলেমানে এটি ৰাভা সংগীত পৰিৱেশন কৰে। সদানন্দ গগৈ আৰু দেৱীকা বৰপূজাৰীয়ে কবিতা আবৃত্তি কৰে ।  উত্তম কুমাৰ দাসে বাঁহীৰ সুৰেৰে সকলোকে  মুগ্ধ কৰে। গুগল মীটৰ জৰিয়তে হোৱা অনুষ্ঠানত  অসম আৰু প্ৰৱাসৰ প্ৰায় ৫০ গৰাকী সাহিত্যপ্ৰেমীয়ে যোগদান কৰিছিল।

No comments:

Post a Comment