Tuesday, August 4, 2026

বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু শপত গ্ৰহণ


গুৱাহাটী , ৪ আগষ্ট :  বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভাই ২৫ জুলাইত গঠন কৰা গুৱাহাটী মহানগৰ সমিতিখনে দুই আগষ্টৰ দিনা কাৰ্যভাৰ আৰু শপত গ্ৰহণ কৰে। এই উপলক্ষে  গুৱাহাটীৰ ৰূপনগৰৰ শ্ৰীমন্তপুৰ জ্যেষ্ঠ নাগৰিক সমাজৰ কাৰ্যালয় গৃহত নতুন সমিতিখনৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ প্ৰধান সম্পাদক ৰাজ কুমাৰ ৰাভাই। বন্তি প্ৰজ্বলনৰ পাছত বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ জাতীয় সংগীতেৰে  অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

 ইয়াৰ পাছত নতুন সমিতিখনৰ বিষয়ববীয়াসকলক  শপত বাক্য পাঠ কৰোৱায় ৰুনচুমৰ কেন্দ্ৰীয় উপ–সভাপতি সত্যজিৎ ৰাভাই। অনুষ্ঠানত গুৱাহাটী মহানগৰ সমিতিখনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ছাত্ৰ কল্যাণ সঞ্চালক, অধ্যাপক ৰাধাচৰণ ৰাভাক  সভাপতি, ডঃ হেমন্ত ৰাভা আৰু নৰেন চন্দ্ৰ ৰাভাক  উপ–সভাপতি, সূৰ্যকান্ত ৰাভাক  সাধাৰণ সম্পাদক,  ৰঞ্জিতা ৰাভা আৰু ভবেন ৰাভাক  সহকাৰী সম্পাদক, অঞ্জলী ৰাভাক  আলোচনী সম্পাদক, উৎপলজ্যোতি ৰাভাক  বিত্ত সম্পাদক, ব্ৰজ কুমাৰ ৰাভাক  সাংস্কৃতিক সম্পাদক, ডেনিশ ৰাভা আৰু ৰমেশ ৰাভাক  সাংগঠনিক সম্পাদক, বিমলা প্ৰসাদ ৰাভাক  কাৰ্যালয় সম্পাদক আৰু কবিন্দ্ৰ ৰাভা, গোপাল চন্দ্ৰ ৰাভা, মণিষা ৰাভা, উমেশ ৰাভা, অচিন ৰাভা, ৰাজেশ ৰাভা, দিলীপ কুমাৰ ৰাভা, মুবীন ৰাভা, অনন্ত ৰাভা, উত্তৰা ৰাভাই কাৰ্যকৰী সদস্য হিচাপে শপত গ্ৰহণ কৰে।

 এই অনুষ্ঠানৰ পাছত ৰুনচুমৰ কেন্দ্ৰীয় সমিতিয়ে ২১জনীয়া সদস্যৰে গঠিত গুৱাহাটী মহানগৰ সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে।অনুষ্ঠানত ৰুনচুমৰ কেন্দ্ৰীয় সম্পাদক মাটিৰাম ৰাভা, কাৰ্যালয় সম্পাদক দণ্ডেসিং ৰাভা আদি কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment