Saturday, August 1, 2026

শ্বহীদ শিল্পী নলিনী চৌধুৰীৰ গীতৰ আধাৰত অনুষ্ঠিত তিনিদিনীয়া কৰ্মশালাৰ সামৰণি


 

গুৱাহাটী,১ আগষ্ট : বিচিত্ৰ কুমাৰ ন্যাসৰ উদ্যোগত স্বহীদ শিল্পী নলিনী চৌধুৰীৰ চিৰসেউজ গীতসমূহৰ আধাৰত  দক্ষিণ কামৰূপৰ পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ প্ৰেক্ষাগৃহত ২৯ জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ ৩১ জুলাইত  সামৰণি পৰে।  সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত  সভাখনত সভাপতিত্ব কৰে  পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ  সভাপতি অনিল চন্দ্ৰ কলিতাই ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে  বিশিষ্ট সংগীত শিল্পী আৰু শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ সংগীত বিভাগৰ  সহযোগী অধ্যাপিকা ডঃ কান্তা কাবেৰী দাস ,  বিশিষ্ট অতিথি হিচাপে  সংগীত শিল্পী  মুম্বাইৰ ডঃ ধৃতিনয়না দাস বৰুৱা , সংগীত পৰিচালক দীপ ৰাজবংশী,  জ্যেষ্ঠ সাংবাদিক অনিল কলিতা আৰু থানেশ্বৰ দাস উপস্থিত থাকে । আনহাতে তিনিদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে নলিনী চৌধুৰীৰ কন্যা বৰ্ণালী চৌধুৰী আৰু পূৰবী চৌধুৰী, শিল্পী ভৱেশ কলিতা, সংগীত শিক্ষয়িত্ৰী নিৰূপমা দাস, যুৱ কণ্ঠশিল্পী নিশাৰণী দাস আৰু ন্যাসৰ সচিব বিচিত্ৰ দাস উপস্থিত থাকে | তিনিদিনীয়া কৰ্মশালাত দক্ষিণ কামৰূপ অঞ্চলৰ অৰ্ধ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে।  

সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে নলিনী চৌধুৰীৰ কেবাটাও  কালজয়ী গীত  পৰিবেশন কৰি শ্ৰোতা-দৰ্শকসকলক আপ্লুত কৰে।  অনুষ্ঠানত বিকাশ ভৱনৰ  সম্পাদক যতীন্দ্ৰ নাথ কলিতা, ৰঞ্জন কুমাৰ, সত্যবান কুমাৰ, ভদ্ৰেশ্বৰ কলিতা, দিনেশ কলিতা, জয়ন্ত গোস্বামীকে ধৰি বহু বিশিষ্ট  ব্যক্তি উপস্থিত  থাকে | সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে  শিক্ষয়িত্ৰী যূতিকা ডেকা আৰু অংগনা ঠাকুৰীয়াই  |  অনুষ্ঠানৰ আৰম্ভণিতে  বানপানীত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। তাৰ পিছত উদ্দ্যেশ্য বাখ্যা কৰি উপস্থিত সকলোকে আদৰণি জনায় ন্যাসৰ সচিব বিচিত্ৰ কুমাৰে ।

No comments:

Post a Comment