Saturday, August 1, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম স্নাতক পৰ্যায়ৰ কোৱান্টাম প্ৰযুক্তিৰ মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ


গুৱাহাটী, আগষ্ট ১, ২০২৬ : গুণগত শিক্ষা, উদ্ভাৱনীমূলক গৱেষণা আৰু ভৱিষ্যতমুখী শিক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা কোৱান্টাম প্ৰযুক্তি (Quantum Technology) বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী (Undergraduate Minor Degree) পাঠ্যক্ৰম আৰম্ভ কৰিছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (DST)-ৰ ৰাষ্ট্ৰীয় কোৱান্টাম মিছন (National Quantum Mission – NQM)-ৰ অধীনত আৰম্ভ হোৱা এই ১৮ ক্ৰেডিটযুক্ত, ছয়টা ষান্মাসিকজোৰা পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে পৰিচালনা কৰিব। DST আৰু AICTE-এ ২০২৪ চনৰ ডিচেম্বৰ মাহত প্ৰস্তুত কৰা Model Curriculum অনুসৰি প্ৰস্তুত কৰা এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক কোৱান্টাম প্ৰযুক্তিৰ দৰে দ্ৰুত বিকাশমান ক্ষেত্ৰত জ্ঞান, গৱেষণা আৰু দক্ষতা আহৰণৰ এক নতুন সুযোগ প্ৰদান কৰাৰ লগতে ভৱিষ্যতৰ প্ৰযুক্তিনিৰ্ভৰ বিশ্বৰ বাবে নিজকে সাজু কৰাৰ পথ সুগম কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগক অভিনন্দন জনাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে এই পাঠ্যক্ৰম আৰম্ভ কৰি আমি আমাৰ শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ অন্যতম ৰূপান্তৰকাৰী প্ৰযুক্তিৰ সৈতে নিজকে সংযোগ কৰাৰ এক নতুন সুযোগ প্ৰদান কৰিছোঁ। উক্ত পদক্ষেপে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি দক্ষ মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰিব, যিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় কোৱান্টাম মিছন আৰু ‘বিকশিত ভাৰত@২০৪৭’-ৰ সপোন বাস্তৱায়িত কৰাত অৰিহণা যোগাব।"

উক্ত পাঠ্যক্ৰম মূলতঃ নিয়মীয়া B.Tech আৰু B.E. পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ মূল ডিগ্ৰী পাঠ্যক্ৰমৰ সমান্তৰালভাৱে এই মাইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব আৰু অষ্টম ষান্মাসিকলৈ ইয়াৰ অধ্যয়ন অব্যাহত থাকিব।

উক্ত নতুন উদ্যোগৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে আই আই এছ চি বেংগালুৰু, আই আই টি মাদ্ৰাজ, আই আই টি দিল্লী আৰু আই আই টি বম্বে আদি দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহৰ সৈতে একে শাৰীত স্থান লাভ কৰিবলৈ সক্ষম হ'ব। উল্লেখযোগ্যভাৱে, উত্তৰ-পূব ভাৰতত কোৱান্টাম প্ৰযুক্তিৰ এই বিশেষায়িত স্নাতক মাইনৰ ডিগ্ৰী আৰম্ভ কৰা প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক খণ্ডত এক নতুন ইতিহাস ৰচনা কৰিছে। উক্ত শিক্ষাৰ্থীসহায়ক পদক্ষেপে অসমৰ লগতে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে ভৱিষ্যতমুখী আৰু বিশ্বমানৰ দক্ষতা আহৰণৰ এক নতুন দিগন্ত মুকলি কৰিব।

বৰ্তমান বিশ্বত কোৱান্টাম প্ৰযুক্তিবিজ্ঞানক ভৱিষ্যতৰ অন্যতম কৌশলগত প্ৰযুক্তি হিচাপে গণ্য কৰা হৈছে। ভাৰতকে ধৰি বিশ্বৰ বহু দেশ আৰু অগ্ৰণী প্ৰতিষ্ঠানে এই ক্ষেত্ৰত দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্যৰে ব্যাপক বিনিয়োগ কৰি আছে। সুৰক্ষিত যোগাযোগ ব্যৱস্থা, প্ৰতিৰক্ষা, স্বাস্থ্যসেৱা, বিত্তীয় খণ্ড, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণা-উন্নয়নৰ দৰে বিভিন্ন ক্ষেত্ৰত কোৱান্টাম প্ৰযুক্তিৰ প্ৰয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই পাঠ্যক্ৰমে প্ৰযুক্তিগত শিক্ষাৰ্থীসকলক কোৱান্টাম পদাৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা আৰু আধুনিক প্ৰযুক্তিগত জ্ঞানৰ সৈতে পৰিচিত কৰি তুলিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ বহুমুখী আৰু নমনীয় শিক্ষাব্যৱস্থাৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা এই আন্তঃবিষয়ক (Multidisciplinary) পাঠ্যক্ৰমে পদাৰ্থবিজ্ঞান, গণিত, কম্পিউটাৰ বিজ্ঞান আৰু ইলেক্ট্ৰনিক্সৰ মাজত এক সুদৃঢ় সমন্বয় গঢ়ি তুলিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি দক্ষ কৰি তোলাৰ লগতে ৰাষ্ট্ৰীয় কোৱান্টাম মিছনৰ লক্ষ্য বাস্তৱত সহায়ক ভূমিকা পালন কৰিব।

উক্ত মাইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে Quantum Computation, Quantum Sensing, Semiconductor Technologies, Quantum Cryptography, Quantum Internet আৰু Quantum Start-ups আদি ক্ষেত্ৰত উচ্চ শিক্ষা, গৱেষণা আৰু কৰ্মসংস্থাপনৰ অধিক সুযোগ লাভ কৰিব। লগতে, কৰ্প'ৰেট প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় গৱেষণাগাৰ আৰু ‘Viksit Bharat @2047’-ৰ লক্ষ্য বাস্তৱায়িত কৰাত দক্ষ মানৱ সম্পদ হিচাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হ'ব।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে এই পাঠ্যক্ৰমৰ সমন্বয় আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। পাঠ্যক্ৰমৰ পাঠ্যক্ৰম সমিতিত পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰ লগতে বিশ্ববিদ্যালয়ৰ অন্যান্য কাৰিকৰী বিভাগসমূহৰ অধ্যাপক আৰু আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকল অন্তৰ্ভুক্ত থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা কল্পনা বৰাই এই পাঠ্যক্ৰমৰ কাৰ্যসূচী সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব।

No comments:

Post a Comment