Thursday, July 23, 2026

গাড়ীগাঁৱত"জোনাক"ৰ উদ্যোগত অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাসৰ দুখন গ্ৰন্থ উন্মোচন


 

গুৱাহাটী :: ২৩ জুলাই :: সাহিত্য-সাংস্কৃতিক অনুষ্ঠান "জোনাক"ৰ উদ্যোগত কালি সন্ধিয়া গাড়ীগাঁৱৰ পিয়াদাপাৰাস্থিত "জোনাক" শীৰ্ষক বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ । উল্লেখ্য যে ''জোনাক''ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন ৰাজবংশীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিল্পী দিলোৱাৰ মতিনে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে । 

ইয়াৰ পিছত সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান "জোনাক"ৰ সম্পাদিকা অধ্যাপিকা ডঃ দীপামণি বৰুৱা দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে জোনাক অনুষ্ঠানৰ কাৰ্য পৰিক্ৰমা সম্পৰ্কত অৱগত কৰে । উল্লেখ্য যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ দীপামণি বৰুৱা দাসৰ "অসমীয়া গ্ৰন্থ আলোচনা-সমালোচনা-১" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ ডীন অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই ।


 একেদৰে ডঃ দীপামণি বৰুৱা দাস আৰু বিদ্যুতজ্যোতি ভট্টাচাৰ্যই যৌথভাৱে ৰচনা কৰা গ্ৰন্থ "ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিচয়" শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে লোকসংস্কৃতিৰ সাধক তথা পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ উমেশ চন্দ্ৰ ডেকাই । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি লোক শিল্পী তথা সংগীত নাটক একাডেমীৰ 'ওস্তাদ বিচমিল্লাহ খাঁ যুৱ বঁটা' প্ৰাপক হীৰকজ্যোতি শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

অনুষ্ঠানটোত ভাষাবিদ-পণ্ডিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক উপেন ৰাভা হাকাচাম আৰু শৰাইঘাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডঃ ধৰিত্ৰী দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । কটন বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ডঃ হিমাদ্ৰী  শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কেবাগৰাকীও জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত জ্যেষ্ঠ নাগৰিক বৰদা চৰণ শীল, জুপিতৰা বেজবৰুৱা আৰু চিম্পী গগৈয়ে সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো জিপাল কৰি তোলে । অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই ৰাখীমণি কাশ্যপে ।

No comments:

Post a Comment