আজাৰা , ১১ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও অহা ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন কৰা হৈছে ।
২ আগষ্টৰ সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপন , দেৱীৰ আমন্ত্ৰণ আৰু অধিবাসৰে মনসা পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব । আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আটাইকেইদিনতে দেওধা নাচ , নাগাৰা নাম , বলিদান , আৰতি , পুজা , হোম , ভোগ বিতৰণ , আয়তীৰ নাম , আৰু সন্ধিয়াৰ পৰা পুৰুষ আৰু মহিলাৰ নাগাৰা নাম , যাত্ৰাভিনয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব । ৬ আগষ্টৰ দিনা সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জনৰে এইবেলিৰ পূজাৰ ধৰ্মীয় কাৰ্যসূচীৰ সামৰণি পৰিব ।
আনহাতে পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিশিষ্ট সমাজকর্মী প্ৰদীপ কুমাৰ দাসক সভাপতি , পৱিত্ৰ কুমাৰ দাস আৰু প্ৰসন্ন কুমাৰ দাস (১) ক উপ সভাপতি , শংকৰ ভৰালীক সাধাৰণ সম্পাদক , বিনয় কুমাৰ মেধি, মুকুন্দ দাস আৰু অমিয় দাসক সহকাৰী সম্পাদক , পংকজ দাসক কোষাধ্যক্ষ হিচাপে লৈ ২০২৬ বৰ্ষৰ পূজা পৰিচালনা সমিতিখন গঠন কৰা হৈছে ।
তেনেদৰে উদ্যোক্তা সকলৰ হৈ শ্ৰী শ্ৰী মা মনসা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নিৰেন কুমাৰ দাস , উপ সভাপতিদ্বয় দিলীপ কুমাৰ দাস আৰু গোলক দাস (১) আৰু সাধাৰণ সম্পাদক বলেন মেধিয়ে পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীতে ৰাইজৰ সহায় - সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখ্য যে ২০২৩ বৰ্ষত উলহ- মালহৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে মনসা পূজাৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল।

No comments:
Post a Comment