গুৱাহাটী, ৩০ জুলাই: আজি গুৱাহাটী সাহানী কাৱৰিয়া এনজিঅ’ৰ তীৰ্থযাত্ৰীৰ প্ৰথম দলটো *বাবা বৈদ্যনাথ ধাম* অভিমুখে যাত্ৰা কৰে। এনজিঅ’ৰ সাধাৰণ সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰা দলটোত মুঠ ৪২ গৰাকী ব্যক্তি আছে।
কামাখ্যা জংচনৰ পৰা আৰম্ভ কৰা যাত্ৰাৰ প্ৰাক মূহৰ্তত সাধাৰণ সম্পাদক ৰাজু সাহানীয়ে কয় যে, কাইলৈ তেওঁলোকে চুলতানগঞ্জৰ পবিত্ৰ ‘উত্তৰবাহিনী’ গংগাত স্নান কৰি বাবা অজগৈবীনাথক জলাভিষেক কৰিব। তাৰ পিছত পবিত্ৰ গংগাজল লৈ তেওঁলোকে প্ৰায় ১০৫ কিঃমিঃ পদব্ৰজে বাবা বৈদ্যনাথ ধামলৈ যাত্ৰা কৰিব। তেওঁ এই যাত্ৰাৰ এটা বিশেষ বৈশিষ্ট্যৰ কথা উল্লেখ কৰে। ২০০৫ চনৰ পৰা এই পৰম্পৰা চলি আহিছে যে সকলো কাৱৰীয়াই দেৱতাৰ মন্দিৰলৈ যাওঁতে কাৱৰটো কেৱল সোঁ কান্ধতহে বহন কৰে।
অহা ৩ আগষ্ট, প্ৰথম সোমবাৰৰ শুভ দিনত তেওঁলোকে বাবা বৈদ্যনাথ আৰু বাসুকীনাথ মন্দিৰত জলাভিষেকআৰু পূজা কৰিব। তাৰ পিছত মঙলবাৰে মা তাঁৰাপীঠ মন্দিৰত প্ৰাৰ্থনা জনাই তেওঁলোকৰ যাত্ৰাৰ সামৰণি পৰিব।
৪২ জনীয়া এই দলটোত আছে:
সাধাৰণ সম্পাদক ৰাজু সাহানী, বালা সাহানী, ৰঞ্জিত সৰকাৰ, দিলীপ সাহানী, বিকাশ কুমাৰ, বিভা দেৱী, আশা দেৱী, গৌৰৱ কুমাৰ, সৌৰভ কুমাৰ, সুনীল সাহ, ধৰ্মেন্দ্ৰ সাহানী, সঞ্জয় সাহানী, বামকিন সৰকাৰ, নৰেশ সাহানী, লালী সাহানী, ৰামপ্ৰীত সাহানী, ৰাজকুমাৰ সাহানী, সঞ্জয় সাহানী, মানিক সৰকাৰ আৰু কানহাই সাহা।

No comments:
Post a Comment