Sunday, July 12, 2026

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠকত তিনিমহীয়া আলোচনী “ সৃষ্টিৰ অন্বেষ উন্মোচন"

 


গুৱাহাটী, ১১ জুলাই : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ  অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০৯সংখ্যক বৈঠকখন ১১ জুলাইত    ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য সংস্ক্‌তি জগতৰ উত্তৰণত এক উল্লেখযোগ্য ভুমিকা লৈ অহা অন্বেষ গোষ্ঠীয়ে বিগত ২০১৬ চনৰে পৰা আলোচনী প্ৰকাশকে ধৰি বিভিন্ন সাহিত্য সংস্ক্‌তিমুলক কামকাজত আগভাগ লৈ আহিছে। 

 গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ  দিলিপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সম্পাদক পৰীক্ষিত হালৈয়ে  উপস্থিত সমুহ সদস্যকে সাদৰ সম্ভাষন জনাই বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে ৷ সহকাৰী  সম্পাদক অতুল কলিতাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে বিগত ১০৮ সংখ্যক বৈঠকৰ কাৰ্য বিবৰণী পাঠ কৰে ৷  বিভিন্ন বাৰেবৰণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৈঠকখনত অন্বেষৰ গোষ্ঠীৰ সদস্যসকলে কবিতা , গীত  আদি পৰিবেশন কৰে ৷ 

 অনুষ্ঠানত  অন্বেষ গোষ্ঠীৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পোৱা তথা চন্দন কলিতাৰ সম্পাদনাত প্ৰকাশিত  তিনিমহীয়া আলোচনী “স্‌ষ্টিৰ অন্বেষ” উন্মোচন কৰা হয় ৷  ইয়াৰ লগতে অন্বেষ গোষ্ঠীৰ কাৰ্যালয় সম্পাদক বিতোপন শৰ্মাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত তেওঁৰ পত্নী তথা অন্বেষ গোষ্ঠীৰ সদস্যা  প্ৰয়াত  জোনটি শৰ্মাৰ স্মৃতিত প্ৰকাশিত স্মৰণিকা “চোতালৰ জোন”  উন্মোচন কৰা হয় ৷ 

 বৈঠকত  বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি  অন্বেষৰ সহকাৰী সম্পাদক জগদীশ গোশ্বামীয়ে বক্তৃতা প্ৰদান কৰে। লগতে বৰ্ষীয়ান সদস্য বাণীকান্ত গোশ্বামীয়ে স্বৰচিত দুখন গ্ৰন্থ অন্বেষ পুথিভড়াললৈ আগবঢ়ায় ৷ অন্বেষ গীতেৰে আৰম্ভ কৰা ১০৯ সংখ্যক বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশন কৰি সামৰণি পৰে।

No comments:

Post a Comment