Thursday, July 30, 2026

কৃষি বিজ্ঞান কেন্দ্ৰত 'কাজিনেমু'ৰ ৰপ্তানী বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী


 গুৱাহাটী ,৩০ জুলাই : অসম চৰকাৰে দেশ বিদেশত সম্প্ৰতি সমাদৃত হোৱা আৰু স্বাস্থ্যৰ বাবে উপযোগী 'কাজিনেমু'ক ইতিমধ্যে অসমৰ ৰাজ্যিক  ফল হিচাপে ঘোষণা কৰিছে। আনকি দেশৰ বহু ৰাজ্যৰ লগতে  বিদেশৰো কেবাখনো দেশত বিগত সমযচোৱাত 'কাজিনেমু' বিমানযোগে গুৱাহাটীৰ পৰা ৰপ্তানী কৰা হৈছে।

 আনহাতে ৰাজ্যৰ কৃষকসকলে যাতে 'কাজিনেমু'ৰ খেতি কৰি পৰৱৰ্তী সময়ত ৰপ্তানী কৰি আৰ্থিক ভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে অসম ৰাজ্যিক সমবায়  ফেডাৰেচন তথা ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ  পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত   কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত  ২৯ জুলাইত  অসমৰ ৰাজ্যিক  ফল 'কাজিনেমু'ৰ ৰপ্তানিযোগ্য প্ৰস্তুতি বিষয়ে এখন  সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ।


 এই উপলক্ষে অনুষ্ঠিত সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  নিৰ্বাচিত ৬০ জন কৃষকক প্ৰশিক্ষণ আৰু পাঠদান কৰে ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ ৰীচা শৰ্মা, আয়ুচি নায়ক, অংকিতা সেন আৰু অসম ৰাজ্যিক সমবায়  ফেডাৰেচনৰ হিমাংশু শেখৰ শৰ্মাই । 

কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ সোণমইনা ভূঞাই সভাত ভাগ লৈ ভাষণ প্ৰসংগত বিজ্ঞানসন্মত পদ্ধতিৰে উন্নত মানৰ নেমুখেতি কৰি কিদৰে আৰ্থিক ভাবে লাভৱান হব পাৰে তাৰ আলোকপাত কৰে আৰু ৰপ্তানিযোগ্য কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যানশস্যৰ বিশেষজ্ঞা  ডঃ দৰদী প্ৰিয়ম দুৱৰাই আঁত ধৰা সভাৰ শেষত  ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ মাজত  মানপত্র বিতৰণ কৰা হয়।

No comments:

Post a Comment