গুৱাহাটী ,২১ জুলাই : গুৱাহাটীৰ গড়চুক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৃতীয় দ্বি - বাৰ্ষিক সন্মিলনখন ১৯ জুলাইত গড়চুকস্থিত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমী চৌহদত অনুষ্ঠিত হয়। সন্মিলনৰ স্থায়ী সভাপতি হৰি দত্ত চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক গুণেশ্বৰ শৰ্মাই। সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বাণেশ্বৰ খাউণ্ডকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰসংগত সমাজত জ্যেষ্ঠ নাগৰিকৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। আনহাতে সভাত পুৰিনি কমিটিখনে পদত্যাগ কৰে আৰু আগন্তক ২০২৬ - ২৮ দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন কাৰ্যকৰী কমিটিখন গঠন কৰা হয়। সভাত সন্মিলনৰ "নাগৰিক" নামৰ মুখপত্ৰখন উন্মোচন কৰা হয়।

No comments:
Post a Comment