Friday, July 17, 2026

দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো তিনিটাকৈ দৰ্শনীত হাউছফুলৰে আজাৰা ভি আই পিৰ "আৰ আৰ চিনেমাছ"ত চলি আছে "ককা দেউতা নাতি আৰু হাতী- ২"


 গুৱাহাটী  , ১৭ জুলাই  : শেহতীয়াভাৱে অসমীয়া চিনেমাৰ  জগতলৈ  কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।  ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাত নিৰ্মিত  "ককা দেউতা নাতি আৰু হাতী - ২" নামৰ অসমীয়া চিনেমাখনত ।

 বিশেষকৈ  অসমৰ  মুক্তিৰ দিনাৰ পৰাই আজিলৈকে  অসমৰ বহু  চিত্রগৃহতে চিনেমাখন ‘হাউছফুল'।   ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ জালুকবাৰী সমষ্টিৰ অন্যতম  ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি  আই পিস্থিত "আৰ আৰ চিনেমাছ" নামৰ আধুনিক সা - সুবিধাযুক্ত  চলচিত্ৰ গৃহটোত দুই সপ্তাহ পাৰ হোৱাৰ পাছতো চলি আছে "ককা দেউতা নাতি আৰু হাতী -২"  চিনেমাখন । 

চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ৩ জুলাইত  ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো ককা দেউতা নাতি আৰু হাতী -২ চিনেমাখন মুক্তি দিয়া হৈছিল।  দুটা সপ্তাহ পাৰ হৈ যোৱাৰ  পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন তিনিটাকৈ  দৰ্শনীত চলি আছে। প্ৰথমতে এটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে - দিনৰ ১১.৩০ বজা , বিয়লি ২ বজা , সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে চিনেমাখন  চলি আছিল । তাৰ পাছত  একেৰাহে দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো  তিনিটা  দৰ্শনী ক্ৰমে - দিনৰ ১১.৩০  বজা, বিয়লি ২ বজা সন্ধিয়া ৫.৩০ বজাৰ  দৰ্শনীত চিনেমাখন চলি আছে ।



  আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান - প্ৰতিষ্ঠানৰ বিষয়া - কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে । প্ৰতিটো প্ৰজন্মৰ মাজতে চিনেমাখন জনপ্ৰিয় হৈ পৰিছে।  নিশ্চিতভাৱে ই  অসমীয়া ছবিলৈ এক ভাল খবৰ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি  তেতিয়াই খলকনি তোলা "কাশ্মীৰ ফাইলছ" নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । তাৰ পাছত  শ্ৰীৰঘুপতি , বিদুৰ ভাই, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা হিচাপে পৰিগণিত হোৱা "ৰৈ ৰৈ বিনালে"  আৰু শেহতীয়াকৈ "চুপা চুপি"কে ধৰি কেবাখনো অসমীয়া চিনেমাই অভিলেখ ভংগ কৰাটো অসমীয়া চিনেমাৰ বাবে এটা শুভ লক্ষণ বুলি ৰাজীৱ কুমাৰ দত্তই মত ব্যক্ত কৰিছে । 

উল্লেখ্য যে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই শৈশৱকালতে অভিনয় কৰা ৪৩ বছৰীয়া পুৰণি বোলছবি "ককাদেউতা নাতি আৰু হাতী এক মধুৰ নষ্টালজিয়া হৈ ককাদেউতা নাতি আৰু হাতী-২ৰ ৰূপত পুনৰ উভতি আহিছে অসমৰ ছবিগৃহলৈ। উভতি আহিছে আশীৰ দশকৰ ককাদেউতা নাতি আৰু হাতী বোলছবিৰ বৃকোদৰ নামৰ হাতীটোৰ এক জীপাল অনুভৱ। হাঁহি-কান্দোন, ছাছপেন্স-ৰোমাঞ্চ আৰু সংঘাতেৰে ভৰপূৰ এখন সম্পূৰ্ণ পাৰিবাৰিক চিনেমা 'ককাদেউতা নাতি আৰু হাতী-২' এ  ৩ জুলাইত ৰাজ্যৰ হাজাৰ হাজাৰ দৰ্শকৰ মন অনুৰণিত কৰি ৭৫টাৰো অধিক ছবিগৃহত শুভমুক্তি লাভ কৰিছিল । 

 প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ প্রযোজনাত নিৰ্মিত ৪৩ বছৰ পূৰ্বৰ ককাদেউতা নাতি আৰু হাতীৰ ছিকুৱেল ককাদেউতা নাতি আৰু হাতী-২ উপভোগ কৰি ৰাজ্যৰ প্ৰতিটো ছবিগৃহত উপস্থিত দর্শক আৱেগিক আৰু নষ্টালজিক হৈ পৰিছে । ৮০ৰ দশকৰ ককাদেউতা নাতি আৰু হাতী বোলছবিক নতুনত্বৰ সঞ্জীৱনী প্ৰদৰ্শনেৰে উজ্জীবিত কৰা নতুন বোলছবিখন  দৰ্শকে উপভোগ কৰি  প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ প্ৰচেষ্টাক একেমুখে প্রশংসা কৰা পৰিলক্ষিত হয় । 

 দৰ্শকে বোলছবিখন ভাল হৈছে বুলি মন্তব্য কৰাৰ লগতে বোলছবিখন চাবলৈ যি আশাৰে আহিছে, সেই আশা পূৰণ হৈছে বুলি মন্তব্য কৰে।  পুৰণি কাহিনীৰ ভেটিত নতুনত্বৰ সুবাস আৰু লগতে চিৰসেউজ গীতৰ সুৰ আৰু আৱেগ লৈ আহিছে এই নতুন চিনেমাখনে। ৮০ৰ দশকৰ ককাদেউতা নাতি আৰু হাতীৰ বৃকোদৰৰ স্মৃতিক নতুন ৰূপত নতুন চিনেমাখনত তুলি ধৰা হৈছে। বোলছবিখনত পৰিৱেশিত 'এক দুই তিনি চাৰি' গীতটিত শিশুশিল্পীৰ চৰিত্ৰত ৮০ৰ দশকত অভিনয় কৰিছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্রী ডঃ   হিমন্ত বিশ্ব শর্মাই।

সুদীর্ঘ ৪৩ বছৰৰ পিছত নতুন কাৰিকৰী প্ৰযুক্তিৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিশু চৰিত্ৰটিত নতুন বোলছবিখনত একেই ৰূপত তুলি ধৰা হৈছে। চলচ্চিত্ৰ গৃহটোৰ পৰিচালক অৰবিন্দ কলিতাই জানিবলৈ দিয়া মতে চিনেমা হলটো মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বাবে দৰ্শনৰ উৎসাহো বৃদ্ধি পাইছে।

No comments:

Post a Comment