Tuesday, June 9, 2026

কামৰূপ মহানগৰ জিলাত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)-ৰ ১০ বছৰ পূৰ্ণ কাৰ্যসূচী উদযাপন



গুৱাহাটী, ৯ জুন’ ২০২৬: প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)-ৰ সফল ১০ বছৰ পূৰ্ণ উপলক্ষে আজি সমগ্ৰ ৰাজ‍্যৰ লগতে কামৰূপ মহানগৰ জিলাৰ সকলো PMSMA কেন্দ্ৰ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ (AAM)-ত বিশেষ কাৰ্যসূচীৰে দিৱসটি উদযাপন কৰা হয়।



এই উপলক্ষে জিলাখনৰ সকলো PMSMA কেন্দ্ৰ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত গৰ্ভৱতী মহিলাসকলক গুণগত মানসম্পন্ন প্ৰসৱ-পূৰ্ৱক স্বাস্থ্যসেৱা প্ৰদান কৰা হয়। বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা, প্ৰয়োজনীয় পৰামৰ্শ, ৰক্তচাপ, হিম’গ্ল’বিন, ডায়েবেটিছ আদি পৰীক্ষাৰ লগতে উচ্চ বিপদসংকূল গৰ্ভাৱস্থাৰ সময়োচিত চিনাক্তকৰণ আৰু প্ৰয়োজনীয় ব্যৱস্থাপনা সম্পন্ন কৰে।



তদুপৰি, গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাসমূহত গৰ্ভৱতী মহিলাৰ নিয়মিত প্ৰসৱ-পূৰ্ৱক স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব, পুষ্টিকৰ আহাৰ গ্ৰহণ, ব্যক্তিগত পৰিচ্ছন্নতা, চিকিৎসালয়ত প্ৰসৱ, শিশুৰ জন্মৰ পিছৰ যত্ন, উচ্চ-বিপদসংকূল লক্ষণ চিনাক্তকৰণ আৰু মাতৃ আৰু শিশু উভয়ৰ স্বাস্থ্যসেৱাৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়।

 
উল্লেখযোগ্য যে, ২০১৬ চনত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে দেশজুৰি গৰ্ভৱতী মহিলাসকলক প্ৰতি মাহৰ ৯ তাৰিখে বিনামূলীয়া আৰু গুণগত প্ৰসৱ-পূৰ্ৱক স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে।মহানগৰ জিলাতো প্ৰতি মাহৰ ৯ তাৰিখে PMSMA কেন্দ্ৰসমূহত এই সেৱা প্ৰদান কৰা হয়। 




No comments:

Post a Comment