গুৱাহাটী, ২৮ জুন, ২০২৬ঃ আজি সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (NID)-ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ তপন দাসে।
কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ অধীনত ১,৯৯,৫৯১ জন ০–৫ বছৰৰ শিশুক প’লিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উদ্দেশ্যে জিলাজুৰি ৮৬০টা প’লিঅ’ বুথ সাজু কৰি তোলা হৈছে। তিনিদিনীয়া এই কাৰ্যসূচীৰ প্ৰথম দিনা বুথসমূহত প্ৰতিষেধক প্ৰদান কৰা হ’ব। ২৯ আৰু ৩০ জুনত স্বাস্থ্যকৰ্মীসকলে বঞ্চিত শিশুসকলক ঘৰে ঘৰে গৈ প’লিঅ’ প্ৰতিষেধক প্ৰদান কৰিব।
উদ্বোধনী অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দায়িত্বত থকা ডাঃ নাৰায়ণ দত্ত শৰ্মা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভবেন্দ্ৰ কুমাৰ দাস, চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHM আৰু WHO-ৰ বিষয়াবৰ্গ উপস্থিত থাকে।


No comments:
Post a Comment