গুৱাহাটী, ২৭ জুন, ২০২৬ঃ সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাতো ২৮ জুন, ২০২৬ (ৰবিবাৰ) তাৰিখে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (National Immunization Day – NID) পালন কৰা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ ০–৫ বছৰৰ সকলো শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব।
কামৰূপ মহানগৰ জিলাত মুঠ ১,৯৯,৫৯১ জন ০–৫ বছৰৰ শিশুক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবাবে জিলাজুৰি মুঠ ৮৬০টা প’লিঅ’ বুথ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত ৬৬২টা সাধাৰণ বুথ, ২৫টা দুৰ্গম বুথ, ৭২টা প্ৰতিষ্ঠানভিত্তিক বুথ আৰু ৬৪টা ট্ৰানজিট বুথ সাজু কৰি তোলা হৈছে। তদুপৰি জিলাৰ কোনো যোগ্য শিশু পলিঅ’ প্ৰতিষেধক গ্ৰহণৰ পৰা যাতে বঞ্চিত নহয় সেই দিশ লক্ষ্য ৰাখি মুঠ ৩৭টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হৈছে।
এই কাৰ্যসূচীৰ সফলভাৱে ৰূপায়ণৰ বাবে মুঠ ৫১ জন চিকিৎসা বিষয়া, ৩,২২২ জন বুথ কৰ্মী আৰু ১৭২ জন বুথ পৰ্যবেক্ষক নিয়োজিত কৰা হৈছে।
তিনিদিনীয়াকৈ অনুস্থিত হ’বলগীয়া এই কাৰ্যসূচী ২৮ জুনৰ পৰা ৩০ জুনলৈ চলিব। ২৮ জুন তাৰিখে জিলাখনৰ সকলো প’লিঅ’ বুথত প্ৰতিষেধক প্ৰদান কৰা হ’ব। যিসকল শিশু সেইদিনা বুথলৈ আহিব নোৱাৰে বা কোনো কাৰণত প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত হয়, তেওঁলোকক ২৯ আৰু ৩০ জুন তাৰিখে স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ প’লিঅ’ প্ৰতিষেধক প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠান ২৮ জুনৰ পুৱা ৯:৩০ বজাত সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰত অনুষ্ঠিত হ’ব।
No comments:
Post a Comment