শিলঙ, ১০ জুন : যানজঁট, ভিৰ আৰু যানবাহনৰ সংখ্যা বৃদ্ধিৰ সমস্যাৰে জৰ্জৰিত শিলঙ চহৰত মঙলবাৰে পাঁচখন ইলেকট্ৰিক বাছৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপ কেৱল নতুন বাছ ৰাস্তাত নামোৱাতেই সীমাবদ্ধ নহয়, বৰং চহৰখনক অধিক পৰিষ্কাৰ, আধুনিক আৰু নিৰ্ভৰযোগ্য গণপৰিবহণ ব্যৱস্থাৰ দিশত আগবঢ়াই নিয়াৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বুলি গণ্য কৰা হৈছে।
মুখ্যমন্ত্ৰী কনৰাড কে. ছাংমাই প্ৰধানমন্ত্ৰী ই-বাছ সেৱা আঁচনিৰ অধীনত এই ইলেকট্ৰিক বাছসমূহৰ প্ৰথম বহৰক সেউজীয়া পতাকা দেখুৱাই শুভাৰম্ভ কৰে। তেওঁ কয় যে এই পদক্ষেপে চহৰৰ যানবাহনৰ চাপ হ্ৰাস কৰাৰ লগতে পৰিৱেশ সুৰক্ষাতো সহায় কৰিব।
শূন্য-নিৰ্গমন (Zero Emission) বিশিষ্ট এই ইলেকট্ৰিক বাছসমূহ এবাৰ সম্পূৰ্ণ চাৰ্জ দিলে প্ৰায় ২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰে। বাছসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে ব্লুটুথ সুবিধা, ডিজিটেল টিকটিং ব্যৱস্থা আৰু জিপিএছ-ভিত্তিক পৰিচালনা আদি আধুনিক সুবিধা উপলব্ধ কৰা হৈছে।
যদিও প্ৰথম পৰ্যায়ত মাত্ৰ পাঁচখন বাছ চলাচল আৰম্ভ কৰা হৈছে, তথাপি বিষয়াসকলে জনোৱা মতে, প্ৰধানমন্ত্ৰী ই-বাছ সেৱা আঁচনিৰ অধীনত শিলঙৰ বাবে মুঠ ৫০খন ইলেকট্ৰিক বাছ অনুমোদিত হৈছে। ইতিমধ্যে চলি থকা ডিজেল বাছসমূহৰ সৈতে সংযুক্ত কৰি অহা ছয় মাহৰ ভিতৰত প্ৰায় ১৫০খন বাছ নিৰ্ধাৰিত সময়সূচী অনুসৰি চলাচল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

No comments:
Post a Comment