Monday, June 29, 2026

জ্যোতি চিত্ৰবনত লেংডন সংবাদ গোষ্ঠীৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন


 

গুৱাহাটী ,২৯ জুন : লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জন্ম হোৱা লেংডন বাতৰি সংবাদ গোষ্ঠীয়ে সফলতাৰে সম্পূৰ্ণ কৰিলে দুটা বছৰ। এই উপলক্ষে লেংডন বাতৰিৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো দেওবাৰে  গুৱাহাটী মহানগৰীৰ জ্যোতি চিত্ৰবনত পালন কৰা হয় ।বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত  সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত  ৰাজ্যৰ লগতে অসমৰ বাহিৰৰ  বহু কেইখন শিক্ষানুষ্ঠানৰ অৰ্দ্ধ  শতাধিক  তাৰ্কিকে অংশগ্ৰহণ কৰে ।

  প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰে  অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱীয়ে। অনুষ্ঠানত  মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ মহিলাসকলে সমৱেত সংগীত আৰু সম্প্ৰীতিৰ নৃত্য পৰিৱেশন কৰে । অনুষ্ঠানত  বিগত সময়ছোৱাত লেংডন ফাউণ্ডেশ্যনৰ ফালৰ পৰা কৰি অহা সামাজিক অৱদানৰ  ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আনহাতে তিনি শতাধিক দৰ্শকৰ  উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক প্ৰদান কৰা হয় লেংডন বাতৰি সাংবাদিকতা বঁটা - ২০২৬। 

উল্লেখ্য যে বিগত বৰ্ষত আয়োজিত লেংডন বাতৰিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এই বঁটা আগবঢ়োৱা হৈছিল ৰাজ্যৰ অন্যতম এগৰাকী বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ। আনহাতে অনুষ্ঠানত  এই বঁটা গ্ৰহণ কৰি লেংডন ফাউণ্ডেশ্যন তথা লেংডন সংবাদগোষ্ঠীলৈ ধন্যবাদ জ্ঞাপন কৰি নিতুমণি শইকীয়াই কয় যে  "লেংডন সংবাদগোষ্ঠী নিজৰ মতত অটল থাকিলে এদিন ৰাজ্যখনৰ ভিতৰতে উল্লেখযোগ্য সংবাদগোষ্ঠী হিচাপে  উজ্বলি উঠিব ।

 অনুষ্ঠানত  তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিশিষ্ট শিক্ষাবিদ - ইতিহাসবিদ ডঃ দয়ানন্দ বৰগোহাঁই আৰু লেংডন বাতৰিৰ সম্পাদক ৰেখা বৰগোঁহাইক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই কয় যে মই আজিলৈকে এনে অনুষ্ঠানত উপস্থিত থকা নাই। য'ত  সাংবাদিক, সাহিত্যিক আৰু ৰাজনীতিবিদ একেলগে উপস্থিত আছে। আনহাতে  ডঃ দয়ানন্দ বৰগোহাঁয়ে কয় যে  অসমীয়া জাতি বৰ্তমান মহা সংকটত আছে ।  

লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁয়ে কয়   বৰ্তমান সময়ত বাতৰি কাকত পঢ়া লোকৰ সংখ্যা কমি আহিছে। তথাপিও আমি অসমীয়া ভাষা, সাহিত্য চৰ্চাৰ কাৰণেই সাপ্তাহিক লেংডন বাতৰি কাকতখন চলাই আছোঁ আৰু ৱেব পৰ্টেলটো এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰে আগুৱাই লৈ গৈছোঁ। অনুষ্ঠানত ভাগ লৈ জনপ্ৰিয় কৌতুক অভিনেতা  অতুল পাচনিয়ে  সাৱলীল অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়। অনুষ্ঠানত 

 লেংডন ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নিতুল বৰগোঁহায়ে  সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি ৱেব পৰ্টেলৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় যে লেংডন সংবাদ গোষ্ঠীয়ে সংবাদ প্ৰচাৰত কোনোদিনে কাৰো ওচৰতে শিৰণত কৰা মই আৰু নকৰে । ইফালে প্ৰাইজমানি মুকলি তৰ্ক প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি  যুটীয়াভাৱে শ্ৰেষ্ঠ তাৰ্কিক দলৰ খিতাপ লাভ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অভিনৱ শৰ্মা,বিশাল কিশোৰ দত্ত আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাহুল ৰোহণ পল আৰু সুদীপ্ত শইকীয়াই ।

  যুটীয়াভাৱে শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ লাভ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ বিশাল কিশোৰ দত্ত আৰু জে বি আইন মহাবিদ্যালয়ৰ আগষ্ট কাশ্যপে ।  যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ লাভ কৰে নীলাচল জাতীয় বিদ্যালয়ৰ দৰ্শিতা বণিক্য আৰু ডিবৰুগড়ৰ এম ডি কে জি মহাবিদ্যালয়ৰ জ্যোতিময়ী বৰঠাকুৰে।   প্ৰতিযোগিতাত বিচাৰকৰক বিশেষ বঁটা লাভ কৰে  অসম জাতীয় বিদ্যালয়ৰ মৈত্ৰেয়ী আহোম, আই এম চি এম এৰ মানস জ্যোতি শইকীয়া আৰু শোণিত শৰ্মাই ।

No comments:

Post a Comment