Saturday, June 27, 2026

বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ কামনা বেতন বঞ্চিত দুৰ্ভগীয়া কেজুৱেল বনকৰ্মীৰ ; নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান ব্যৱস্থা আৰম্ভ কৰিবলৈ দাবী

 

গুৱাহাটী, ২৭ জুন : অসম চৰকাৰৰ বন বিভাগত প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান , বন্যপ্ৰাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল , ব্যঘ্ৰ প্ৰকল্প সমুহত বন্যপ্ৰাণী , জীৱ জন্তু , গছ - গছনি আদি চোৰাং চিকাৰী , দুস্কৃতিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰা , চোৱা চিতা বা পৰিচৰ্যা কৰা , তহল দিয়া আদি কাৰ্যৰ বাবে বনকর্মীৰ অভাৱ হোৱা বুলি বিভাগটোৰ শীৰ্ষ বিষয়াই সময়ে সময়ে সদৰি কৰি আহিছে। 

সেই সময়ত বন বিভাগত তৃণমূল পৰ্যায়ৰ বনকৰ্মী হিচাপে পৰিচিত কেবা শতাধিক কেজুৱেল বনকৰ্মী তথা মাষ্টাৰ ৰোল শ্ৰমিকে বছৰ বছৰ ধৰি নিৰ্ধাৰিত হাৰত বেতন বা ফিক্সড পে' হাৰত দৰমহা লাভৰ পৰা দুখলগাকৈ বঞ্চিত হৈ আহিছে । উল্লেখ্য যে ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিয়োজিত যিখিনি কেজুৱেল বন শ্ৰমিক ফিক্সড পে লাভৰ পৰা ২০০৫ -০৬ চনত বাদ পৰি গৈছে তেওঁলোকৰ সকলোৱে ২০১০ চনৰ পহিলা এপ্ৰিলৰ পৰা ফিক্সড পে লাভ কৰিব বুলি ২০১১ চনতে বিভাগীয়ভাবে ঘোষণা কৰা হৈছিল । 

কিন্তু চৰকাৰীভাবে ঘোষণা কৰাৰ প্ৰায় ১৫ বছৰ পাৰ হোৱাৰ পাছতো এই পৰ্যন্ত কেবা শতাধিক কেজুৱেল বন শ্ৰমিক ফিক্সড পে' লাভ কৰা নাই । অৱশ্যে তাৰ মাজতে বিগত সময়চোৱাত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ২২৮ জন , ২০২২ চনৰ জানুৱাৰী মাহত বি টি এ ডি এলেকাত ১৫৭ জন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত তিনি শতাধিক কেজুৱেল তথা অস্থায়ী বন শ্ৰমিকক ফিক্সড পে' প্ৰদান কৰা হয়। তেওঁলোকে নিয়মীয়া বনকৰ্মীৰ দৰে বন বিভাগৰ বিভিন্ন শাখাত সেৱা আগবঢ়াই আছে। 

কিন্তু একে তালিকাত থকা কেবা শতাধিক কেজুৱেল বন শ্ৰমিকক নানান অজুহাতত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই ফিক্সড পে' প্ৰদানৰ পৰা বঞ্চিত কৰি ৰাখিছে । এই সন্দৰ্ভত সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে শেহতীয়াভাবে যোৱা বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক ক্ষণত মাৰ্চ মাহৰ প্ৰথম সপ্তাহত পুনৰ তেনে বেতন বঞ্চিত অস্থায়ী বনকৰ্মীসকলৰ ভেৰিফিকেচন কৰা হয় । কিন্তু ৰহস্যজনকভাবে যোৱা মাৰ্চ মাহত ফেৰিফিকেচনৰ পৰা কিছু সংখ্যক তেনে অস্থায়ী বনকৰ্মীৰ নাম বাদ পৰি যোৱা ঘটনাই ভুক্তভোগী কেজুৱেল বনকৰ্মীসকলক চিন্তিত কৰি তুলিছে। এই সন্দৰ্ভত পূব কামৰূপ বন সংমণ্ডলৰ গুৱাহাটী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ত পূৰ্বতে কৰ্মৰত প্ৰদীপ কলিতা , হিতেশ দাস, উজ্বল দাস, লংকেশ্বৰ দাস, ধনঞ্জয় দাস, মনোজ দাস, নৃপেন চৌধুৰীয়ে অতি দুখেৰে জানিবলৈ দিয়া তেওঁলোকে ১৯৯৩ চনৰ ফেব্ৰুৱাৰী - মাৰ্চ মাহৰ পৰা কেজুৱেল বনকৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছে । 

তাৰ মাজতে বিভাগীয় নিৰ্দেশনা অনুসৰি ২০০৬- ০৭ চনৰ পৰা মাজে সময়ে ভেৰিফিকেচনৰ সন্মুখীন হৈ আহিছে। ২০২৫ চনৰ জুন মাহত গুৱাহাটী আঞ্চলিক বন কাৰ্যালয়ত সেই সময়ৰ আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীৰ উপস্থিতিত পুনৰ ভেৰিফিকেচন কৰা হয়। সেইবাৰ নিৰ্ধাৰিত হাৰত দৰমহাসহ নিযুক্তি হব বুলি তেওঁলোকৰ অৰিজিনেল ডকুমেণ্ট সমূহো কাৰ্যালয়ত স্বাক্ষৰ কৰি ৰাখি থোৱা হয়। কিন্তু চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তেওঁলোকৰ পুনৰ ভেৰিফিকেচনৰ বাবে গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ যায়। কিন্তু কাৰ্যালয়ত উপস্থিত হৈ জানিব পাৰে যে পাঞ্জাবাৰীস্থিত প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ জৰিয়তে বশিষ্ঠত থকা পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী (ডি এফ অ) কাৰ্যালয়ৰ পৰা তেওঁলোকৰ নামবোৰ প্ৰেৰণ কৰা হোৱা নাই। অথচ ২০১৮ চনৰ পৰা ২০২৫ চনলৈ চলি থকা ভেৰিফিকেচন প্ৰক্ৰিয়াত তেওঁলোকৰ নামবোৰ তালিকাত আছিল। 

প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয় , পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয় আৰু গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত থকা পূৰ্বৰ তথ্য চালেই সেই কথা ওলাই পৰিব। যাৰ বাবে যোৱা মাৰ্চ মাহত ভেৰিফিকেচনৰ পৰা ৰহস্যজনকভাৱে নাম বাদ পৰি যোৱা কেজুৱেল বা অস্থায়ী বনকৰ্মীসকলৰ নামবোৰ প্ৰেৰণ কৰি সকলোকে ফিক্সড পে' প্ৰদান কৰিবলৈ দাবী জনাইছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ বন আৰু বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ কামনা কৰিছে বেতন বঞ্চিত কেজুৱেল বনকৰ্মীসকলে ।

No comments:

Post a Comment