Wednesday, June 17, 2026

য়গাঁও কৃষি বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সম্পন্ন হয় বীজ বিতৰণ কাৰ্যসূচী



গুৱাহাটী, ১৭ জুন : আজি ছয়গাঁৱত কৃষি বিভাগৰ তৰফৰ পৰা ধানৰ বীজ বিতৰণ অনুষ্ঠান সফলতাৰে সম্পন্ন কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ নিৰ্দেশনা মৰ্মে স্থানীয় কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্যেৰে 'গিতেশ' নামৰ এক উন্নত ধানৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ছয়গাঁৱৰ কৃষকসকলৰ উপযোগী হোৱাকৈ এই অধিক উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন বীজ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ধান ১৪০-১৪৫ দিনৰ ভিতৰত পূৰঠ হৈ কৃষকসকলক ভাল চাহিদা প্ৰদান কৰিব বুলি কৃষি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। কৃষি ক্ষেত্ৰত অতি সম্ভাৱনাপূৰ্ণ বৃহত্তৰ ছয়গাঁও কৃষি চক্ৰৰ বিভিন্ন সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় কৃষক ৰাইজৰ লগত কৃষি বিষয়াসকলে মত-বিনিময় অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত ষাঠি জনৰো অধিক কৃষকে অংশগ্ৰহণ কৰে।

‎আজি এই অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰী মল্লিকা মেধি, ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সভাপতি শ্ৰী কমলেশ্বৰ দাস; বকো মহকুমা কৃষি উন্নয়ন বিষয়া শ্ৰী গৌতম ৰয় চৌধুৰী; ছয়গাঁও কৃষি উন্নয়ন বিষয়া শ্ৰী উৰ্মিল বৰঠাকুৰ; সহকাৰী কৃষি পৰিদৰ্শক শ্ৰী আবু চালেহ, কৃষি সম্প্ৰসাৰণ সহায়কসকল ক্ৰমে শ্ৰী প্ৰশান্ত মেধি, শ্ৰী দেৱৰ্ষি গোস্বামী, শ্ৰী পাৰ্থপ্ৰতিম দাস, শ্ৰী অংকিতা শৰ্মা, শ্ৰী বৰ‌ষা কলিতা, শ্ৰী প্ৰেৰণা চৌধুৰী, শ্ৰী প্ৰিয়ংকা চেতিয়া আৰু শ্ৰী প্ৰত্যাশী কলিতা; আত্মাৰ বিটিএম শ্ৰী মহিউদ্দিন আহমেদ; এটিএম শ্ৰী কৰৱী ঠাকুৰীয়া; স্থানীয় সংবাদকৰ্মী তথা কৃষক ৰাইজ।

No comments:

Post a Comment