Sunday, June 14, 2026

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠকত গীত , কবিতা , আলেখ্যৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ



গুৱাহাটী , ১৪ জুন :  গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ  অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০৮ সংখ্যক বৈঠকখন আজি  গোষ্ঠীৰ ধাৰাপুৰস্থিত কাৰ্যালয়ত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য সংস্ক্‌তি জগতৰ উত্তৰণত এক উল্লেখযোগ্য ভুমিকা লৈ অহা অন্বেষ গোষ্ঠীয়ে বিগত ২০১৬ চনৰে পৰা আলোচনী প্ৰকাশকে ধৰি বিভিন্ন সাহিত্য সংস্ক্‌তিমুলক কামকাজত আগভাগ লৈ আহিছে। 

আনহাতে  গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ দিলিপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক পৰীক্ষিত হালৈয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰি বিগত বৈঠকৰ কাৰ্য বিৱৰণী পাঠ কৰে সহকাৰী সম্পাদক অতুল কলিতাই । উল্লেখ্য যে অহা ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা  দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত  বৈঠকখন ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয় ৷ গোষ্ঠীৰ সহকাৰী সম্পাদক চন্দন কলিতাই আঁত ধৰা বৈঠকত অন্বেষ গোষ্ঠীৰ  সদস্যা জোৎস্নাময়ী মালাকাৰে বিষ্ণু ৰাভাৰ জীৱনক লৈ প্ৰস্তুত কৰা গীতি আলেখ্য এখন পাঠ কৰে । 

 বৈঠকখনত অন্বেষৰ গোষ্ঠীৰ সদস্য - সদস্যাসকলে কবিতা , গীত  আদি পৰিবেশন কৰে ৷  বৈঠকতে অন্বেষৰ সদস্যা ভানু কলিতা পাঠকে অন্বেষ পুথিভড়াললৈ এটি শকত আৰ্থিক অনুদান আগবঢ়ায় ৷ অন্বেষ গীতেৰে আৰম্ভ হোৱা ১০৮ সংখ্যক বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশনৰে কৰি সামৰণি পৰে  ৷

No comments:

Post a Comment