গুৱাহাটী :: ১২ মে' :: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা বিজ্ঞান অনুষদৰ ভূতপূৰ্ব ডীন ডঃ মধুশ্ৰী দাসক ফেল' অৱ দ্য ৰয়েল জিঅ’গ্ৰাফিক ছ’চাইটি (ইন্সটিউট অৱ ব্ৰিটিছ জিঅ’গ্ৰাফাৰ)ৰ ফেল' সন্মানেৰে বিভূষিত কৰিছে ।
ভূগোলৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি হিচাপে অধ্যাপিকা ডঃ মধুশ্ৰী দাসক এনে সন্মান প্ৰদান কৰা হৈছে । উল্লেখ্য যে অধ্যাপিকা ডঃ মধুশ্ৰী দাসৰ গৱেষণা আৰু প্ৰকাশনৰ উপৰি কেবাখনো গ্ৰন্থ আৰু যথেষ্ট সংখ্যক গৱেষণামূলক প্ৰবন্ধকে ধৰি ৰাউটলেজ (টেইলৰ এণ্ড ফ্ৰান্সিছ) আৰু স্প্ৰিংগাৰৰ আলোচনীসমূহত ইতিমধ্যে প্ৰকাশ হৈছে ।
পূৰ্বৰ কটন কলেজৰ পৰা ভূগোল বিষয়ত সন্মানীয় স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ক্ৰমে স্বৰ্ণপদক সহকাৰে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী, এম.ফিল আৰু পি.এইচ.ডি. ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত অধ্যাপক ড° দাসে ১৯৯৯ চনত কটন কলেজত শিক্ষকতা জীৱনৰ আৰম্ভ কৰে ।
ইয়াৰ পিছত ২০১০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰি ২০১৭ চনত অধ্যাপিকা পদলৈ উন্নীত হয়। ২০০৯ চনত অধ্যাপিকা ডঃ দাসে Education, Occupation and Social Change : Towards a social Geography of Tribal Women of Assam শীৰ্ষক বিষয়ত গৱেষণা কৰি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে । ২৭ বছৰীয়া শিক্ষকতা আৰু গৱেষণাৰ অভিজ্ঞতাৰে পুষ্ট অধ্যাপিকা ডঃ দাসৰ তত্বাৱধানত ইতিমধ্যে ৭ গৰাকীয়ে এম.ফিল., ১০ গৰাকী গৱেষকে ডক্তৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে ।
অধ্যাপিকা ডঃ দাসৰ বিদ্যায়তনিক অৱদানসমূহৰ ভিতৰত আছে ৭২ খন প্ৰকাশন, ৩ খন লেখকৰ কিতাপ আৰু ৪ খন সম্পাদিত ভলিউমসমূহৰ লগতে ইউ জি চি আৰু আই চি এছ এছ আৰৰ পুঁজিৰে কেবাটাও গৱেষণা প্ৰকল্প সম্পাদন কৰিছে । তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বঁটা, কমনৱেলথ জিঅ'গ্ৰাফিক ব্যুৰো (চিজিবি) অনুদান আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অনুদান লাভ কৰিছে । তেওঁ দক্ষিণ আফ্ৰিকা, জাৰ্মানী, জাপান, হাংগেৰী, আমেৰিকা আৰু ব্ৰিটেইনত নিজৰ গৱেষণা পত্ৰ উপস্থাপন কৰাৰ সুবিধা লাভ কৰিছে ।
তেওঁ সামাজিক, সাংস্কৃতিক আৰু নগৰীয়া ভূগোল, জনজাতীয় অধ্যয়ন, অপৰাধ আৰু অপৰাধ বিজ্ঞান, মানুহ-প্ৰাণীৰ সংঘাত, লিংগ, খাদ্য ভূগোল, আৰু বহনক্ষমতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি শৈক্ষিক নেতৃত্বত সক্ৰিয়ভাৱে নিয়োজিত হৈ অধ্যাপিকা ডঃ দাসে মূল ভূমিকা পালন কৰি অহাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী, বিজ্ঞান অনুষদৰ ডীন, একাডেমিক কাউন্সিলৰ সদস্য, অধ্যয়ন ব’ৰ্ডৰ সদস্য, নৰ্থ ইষ্ট ইণ্ডিয়া জিওগ্ৰাফিকেল ছচাইটিৰ সাধাৰণ সম্পাদক, সমাজ বিজ্ঞান গৱেষণা সম্প্ৰদায়ৰ উপ-সভাপতি, ছ’চাইটি ফৰ পাথৱেজ টু ছাষ্টেনেবিলিটি (ভাৰত)ৰ যুটীয়া সম্পাদক, কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক'ৰ্ট সভাৰ সদস্য আদিকে ধৰি কেবাটাও গুৰু দায়িত্ব নিষ্ঠাৰে সম্পন্ন কৰিছে ।
অধ্যাপিকা ডঃ দাসে লাভ কৰা নতুন ফেল'শ্বিপে তেওঁক বিশ্বব্যাপী অন্বেষকৰ প্ৰতিষ্ঠিত নেটৱৰ্কৰ সৈতে সংযোগ কৰিছে । অধ্যাপিকা ডঃ দাসৰ এনে সাফল্যই ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে । অধ্যাপিকা ডঃ দাসৰ এনে কৃতিত্বত ৰাজ্যখনৰ শৈক্ষিক মহলৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।

No comments:
Post a Comment