গুৱাহাটী, ১৫ মে: গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁৱৰ অগ্ৰণী সামাজিক - সাংস্কৃতিক অনুষ্ঠান গাড়ীগাওঁ নৱজ্যোতি ক্লাবৰ সৌজন্যত অহা ১৬ মে'ত স্বৰ্গীয় জীৱন ৰাম শীল সোঁৱৰণী গাড়ীগাওঁ নৱজ্যোতি ক্লাৱ খেলপথাৰত এদিনীয়া দিবা - নৈশ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫২ সংখ্যক বহাগী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে ।
বহাগী উৎসৱৰ লগত সংগতি ৰাখি সিদিনা পুৱা ৯ বজাত বিহু পতাকা উত্তোলন, ১০ বজাৰ পৰা বিভিন্ন খেল ধেমালি আৰু সম্বৰ্ধনা অনুষ্ঠান , ১১ বজাৰ পৰা ছাত্ৰ - ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, , বিয়লি ৩.৩০ বজাত ভেশচন প্ৰতিযোগিতা , ৪.৩০ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধিয়া ৭.৩০ বজাত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হব।
সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ , চন্দন দাস আৰু ডিম্পী সোণোৱালকে ধৰি কেবাজনো প্ৰবীণ - নবীন শিল্পীয়ে সংগীত, চিৰঞ্জীৱ কাশ্যপ আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিবেশিত অসমৰ থলুৱা বাদ্য ও নৃত্য গীতৰ অনুষ্ঠান "প্ৰতিধ্বনি"ৰ লগতে , বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে অনুষ্ঠান পৰিবেশন কৰিব। আনহাতে বহাগী উৎসৱৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবৰ বাবে বিশিষ্ট সমাজকৰ্মী অনন্ত ৰাম দাসক সভাপতি , ডাঃ তপন চন্দ্ৰ চৌধুৰীক কাৰ্যকৰী সভাপতি, চন্দন বৰুৱা, প্ৰণৱজ্যোতি বৰুৱা আৰু বিশ্বজিৎ দাসক সাধাৰণ সম্পাদক আৰু কেবাখনো উপ সমিতিসহ কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে।
No comments:
Post a Comment