Friday, May 1, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষাৰ ওজাক স্মৰণ : হেমচন্দ্ৰ বৰুৱাৰ ১৩০ সংখ্যক মৃত্যু তিথি পালন


 
গুৱাহাটী, মে' ১, ২০২৬ :  গুৱাহাটী বিশ্ববিদ্যালয়ত হেমৰ কোষেৰে ওখ দৌল বান্ধি অসম তথা অসমীয়াক আগুৱাই লৈ যোৱা ভাষাৰ ওজা, অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱা চিৰনমস্য ব্যক্তি তথা হেমকোষৰ প্ৰণেতা শ্ৰদ্ধাৰ হেমচন্দ্ৰ বৰুৱাদেৱৰ ১৩০ সংখ্যক মৃত্যু তিথি পালন কৰা হয়। 

অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ হিমালয় সদৃশ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে, "অসমীয়া ভাষাৰ উন্নতি, সংৰক্ষণ আৰু স্বাভিমান গঢ়ি তোলাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাদেৱে অবিস্মৰণীয় দিশ দেখুৱাই আহিছে। তেওঁৰ অনন্য সাধনা আৰু দূৰদৰ্শী চিন্তাধাৰাই কেৱল ভাষাটোক সুসংগঠিত ৰূপেই দিয়া নাই, বৰঞ্চ অসমীয়া জাতিৰ এক দৃঢ় ভেটিও প্ৰতিষ্ঠা কৰিছে। হেমকোষৰ দৰে অমূল্য সৃষ্টিৰে তেওঁ ভাষাটোক বৈজ্ঞানিক আৰু শৃংখলাবদ্ধ ৰূপ প্ৰদান কৰি, আগন্তুক প্ৰজন্মৰ বাবে পথ দেখুৱাই গৈছে। আজিৰ দিনতো তেওঁৰ আদৰ্শ আৰু কৰ্মই আমাৰ সকলোকে ভাষা-সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত অধিক সচেতন আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈ কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।”



প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে ভাষাৰ ওজাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰি উল্লেখ কৰে যে, "শ্ৰদ্ধাৰ হেমচন্দ্ৰ বৰুৱাদেৱ আমাৰ বাবে কেৱল এজন ভাষা-সাধক নহয়, বৰং এগৰাকী পথপ্ৰদৰ্শক। নিজৰ কৰ্ম আৰু চিন্তাৰ জৰিয়তে তেওঁ অসম তথা অসমীয়াৰ উন্নতিৰ দিশত এক স্পষ্ট দিশ উন্মোচন কৰি থৈ গৈছে। তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ ফলতেই অসমীয়া ভাষাই আজিৰ দৰে সমৃদ্ধ আৰু সুসংগঠিত ৰূপ লাভ কৰিছে। হেমচন্দ্ৰ বৰুৱাই কেৱল ভাষাৰ ক্ষেত্ৰতেই নহয়, সমাজ সংস্কাৰৰ ক্ষেত্ৰতো গভীৰ চিন্তা আৰু কাম কৰি থৈ গৈছে। বিশেষকৈ নাৰীসকলৰ অৱস্থা উন্নত কৰা, বিধৱা বিবাহৰ প্ৰচাৰ, আৰু অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে তেওঁ সেই সময়তেই যি সাহসিকতা দেখুৱাইছিল, সেয়া তেওঁৰ অগ্ৰগামী চিন্তাধাৰাৰ উজ্জ্বল নিদৰ্শন।"



যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক চন্দন কুমাৰ গোস্বামীয়ে উল্লেখ কৰে যে, "হেমচন্দ্ৰ বৰুৱাই সেই সময়তে অতি কম সময়ৰ ভিতৰত হেমকোষ প্ৰস্তুত কৰাটো এক আশ্চৰ্যকৰ কৃতিত্ব। তেওঁ সেই সময়ত অসমীয়া ভাষাৰ বাবে যদি এইধৰণৰ গুৰুত্বপূৰ্ণ কাম নকৰিলেহেঁতেন, আজি আমাৰ ভাষা বিলুপ্তিৰ গৰাহত থাকিলহেঁতেন। তেওঁৰ সৃষ্টিৰাজিক গৱেষণাৰ মাধ্যম হিচাপেও আজিৰ প্ৰজন্মই গ্ৰহণ কৰিব পাৰে।"

উক্ত কাৰ্যসূচীত সাদিন- প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।



No comments:

Post a Comment