Saturday, May 16, 2026

কামৰূপ মহানগৰ জিলাত বিশ্ব ডেংগু দিৱস পালন



গুৱাহাটী, ১৬ মে’ : কামৰূপ মহানগৰ জিলাত আজি বিশ্ব ডেংগু দিৱস পালন কৰা হয়। মহানগৰৰ সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস আনুষ্ঠানিকভাৱে পালন কৰা হয়। 

অনুষ্ঠানত স্বাস্থ‍্য আৰু পৰিয়াল কল‍্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী স্বাস্থ‍্য সেৱা সঞ্চালক ডাঃ কুমাৰেন্দ্ৰ নাথ, মহানগৰৰ জনেল মেলেৰিয়া বিষয়া ডাঃ বিকাশ ৰঞ্জন গগৈ, একাডেমিক ইন-চাৰ্জ হিমাংশু নাথ,  জিলা মেলেৰিয়া বিষয়া মৃদুল তালুকদাৰ, বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ জিলা পৰামৰ্শদাতা ড০ সুদৰ্শনা মহন্ত আৰু জিলা এপিডেমিয়লজিষ্ট (Epidemiologist) তৃষা কটকীৰ লগতে বিদ‍্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, স্বাস্থ‍্য বিভাগৰ বিষয়বৱীয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

এই দিৱসৰ লগত সংগতি ৰাখি ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা সভা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ‍্য যে, মহ‍ানগৰ জিলাৰ বহুকেইখন বিদ‍্যালয়ত বিদ‍্যাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ‍্যে বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে এই দিৱস পালন কৰা হয়। 

তদুপৰি, এই কাৰ্যসূচীৰ অধীনত জিলাৰ বিভিন্ন অংগনৱাদী কেন্দ্ৰ আৰু আয়ুষ্মান আৰোগ‍্য মন্দিৰতো সজাগতা সভা অনুস্থিত কৰা হয়। মহানগৰৰ ডেংগু প্ৰৱণ বিভিন্ন অঞ্চলত জনসাধাৰনৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে মহৰ উৎস ধ্বংস (source reduction) কাৰ্যসূচী ৰূপায়ণ কৰা হয়।





No comments:

Post a Comment