Tuesday, May 12, 2026

গড়লত আন্তৰ্জাতিক ধাত্ৰী দিৱস উদযাপন


 

গুৱাহাটী , ১২ মে : ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন উপলক্ষে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ গড়লস্থিত ৰাজহুৱা সভাঘৰত আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক  ধাত্ৰী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটো ফ্লোৰেন্স নাইটিংগেলৰ  প্ৰতিচ্ছবিত  বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। 

ইয়াৰ পিছতে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ কে এইচ জিতেন্দ্ৰ সিঙৰ সঞ্চালনাত অনুষ্ঠিত  সভাখনত জ্যেষ্ঠ চিকিৎসা বিষয়া ক্ৰমে - ডাঃ সুমন বৰা , ডাঃ মানসী  দত্ত, ডাঃ মঞ্জুৰী জয়া দত্ত, ডাঃ ৰাজকুমাৰ মহন্ত, ডাঃ  ৰাতুল দাসৰ উপৰিও চিকিৎসা বিষয়া ডাঃ প্ৰিয়ংকা শৰ্মা, দন্ত চিকিৎসক ডাঃ স্মৃতি বৰগোহাঁই , বি পি এম জিজ্ঞামিতা শইকীয়া , এ বি পি এম আমজেদ আলী প্রমুখ্যে আন কেবাগৰাকীয়ে আন্তৰ্জাতিক  ধাত্ৰী দিৱস উদযাপনৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্রসংগত আলোকপাত কৰে। 

 আনহাতে ৰীতা দত্তই আঁত ধৰা সভাৰ প্ৰাকক্ষণত কেক কাটি জন্মদিনৰ উৎসৱ পালন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক কালজয়ী গীতটো উপস্থিত নাৰ্ছসকলে সমূহীয়াভাৱে  পৰিবেশন কৰাৰ পাছত গীত, মাত কবিতা পৰিৱেশনৰে জীপাল হৈ পৰা সভাখনত কেবাজনো  স্বাস্থ্য কর্মীক  সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

No comments:

Post a Comment