Sunday, May 17, 2026

সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসব উদযাপন


 
গুৱাহাটী ,১৭ মে' : গুৱাহাটী  মহানগৰীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাওঁকে ধৰি কাষৰীয়া অঞ্চলৰ এচাম যুবক-যুৱতীৰ প্রচেষ্টাত গঢ় লৈ উঠা ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ১৬ মে'ত জালুকবাৰীৰ সমীপৰ সাতমাইলস্থিত শৰাইঘাট ৰংগমঞ্চত এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰা হয় | পুৱা পতাকা উত্তোলনেৰে বহাগী উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। 

 সন্ধিয়া স্থানীয় যুৱক-যুৱতী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক  গীতটোৰে মঞ্চ মুকলি কৰা হয় | অনুষ্ঠানত অঞ্চলটোলৈ অনবদ্য অৱদান আগবঢ়াই অহা  বহু কৌগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয় । 



নিশাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ  "ৰৈ ৰৈ বিনালে" কথাছবিৰ গায়িকা ফেন্সী ৰাজকুমাৰী, ৰবি সিং কেবাজনো নবীন - প্ৰবীণ শিল্পীয়ে সংগীত, বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দুই হাজাৰৰো অধিক দৰ্শক - শ্ৰোতাক আপ্লুত কৰে।

No comments:

Post a Comment