Friday, May 22, 2026

গুৱাহাটী বিশ্ববিদ্যালয়লৈ AICTE-ৰ অনুমোদনঃ আৰম্ভ হ’ব নতুন ইন্টিগ্ৰেটেড M.Tech. পাঠ্যক্ৰম


গুৱাহাটী, ২২ মে’ : গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ দুটা পাঁচবছৰীয়া ইন্টিগ্ৰেটেড M.Tech. পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন (AICTE)-ৰ অনুমোদন লাভ কৰিছে। এই দুটা পাঠ্যক্ৰম হ’ল Computer Science and Engineering (CSE) আৰু Information Technology (IT) পাঁচবছৰীয়া প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী । AICTE-ই জাৰি কৰা অনুমোদন পত্ৰ অনুসৰি প্ৰতিটো পাঠ্যক্ৰমত বছৰি ৪০জনকৈ শিক্ষাৰ্থীক ভৰ্তিৰ অনুমতি দিয়া হৈছে। লগতে এই পাঠ্যক্ৰমসমূহত বিদেশী শিক্ষাৰ্থীৰ ভৰ্তিৰ বাবেও অনুমোদন দিয়া হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত এই নতুন পাঠ্যক্ৰমসমূহ চলোৱা হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-২০২০ অনুসৰি প্ৰস্তুত কৰা এই পাঠ্যক্ৰমসমূহ  কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক আধুনিক প্ৰযুক্তি শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি গঢ়ি তোলা হৈছে। এই পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলে চাৰি বছৰ সম্পূৰ্ণ কৰাৰ পিছত B.Tech. ডিগ্ৰী আৰু পাঁচ বছৰৰ অন্তত M.Tech. ডিগ্ৰী লাভ কৰিব। লগতে AI-ML আৰু Data Science-ত Honours কৰাৰ সুবিধাও থাকিব, যাৰ ফলত অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব।

এই পাঠ্যক্ৰমৰ এটা উল্লেখযোগ্য বিশেষ দিশ হ’ল—প্ৰথম বৰ্ষত ভৰ্তি হোৱাৰ পিছত শিক্ষাৰ্থীসকলে M.Tech. পৰ্যায়লৈ যাবলৈ পুনৰ কোনো পৃথক প্ৰৱেশ পৰীক্ষা দিব নালাগিব। 

পাঠ্যক্ৰম দুটাত নামভৰ্তি JEE আৰু CEE ( Assam) স্ক’ৰৰ ভিত্তিত কৰা হ’ব। ইতিমধ্যে gauhatiadmission.samarth.edu.in প’ৰ্টেলত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰতিটো পাঠ্যক্ৰমত JEE আৰু CEE দুয়োটা শাখাৰ শিক্ষাৰ্থীৰ বাবে পৃথক আসনৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী আৰু বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি সংৰক্ষণ ব্যৱস্থাও থাকিব।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে AICTE অনুমোদিত এই নতুন ইন্টিগ্ৰেটেড M.Tech. পাঠ্যক্ৰমসমূহ অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নত প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয়— “এই উদ্যোগে ভৱিষ্যতৰ ডিজিটেল প্ৰযুক্তি ক্ষেত্ৰত দক্ষ মানৱ সম্পদ আৰু গৱেষক তৈয়াৰত সহায় কৰিব। লগতে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষেত্ৰ অধিক শক্তিশালী হ’ব।” তেওঁ লগতে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় নতুন আৰু আধুনিক বিষয়ত স্থানীয় শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

প্ৰযুক্তি অনুষদৰ ডীন আৰু তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক শিখৰ কুমাৰ শৰ্মাই স্থানীয় শিক্ষাৰ্থীসকলক এই ইন্টিগ্ৰেটেড মাষ্টাৰ্ছ পাঠ্যক্ৰমৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়— “এই পাঠ্যক্ৰমসমূহ Artificial Intelligence, Machine Learning, Data Science, Natural Language Processing, Cyber Security, IoT, Image and Health Informatics আদি নতুন আৰু ভৱিষ্যতমুখী অধ্যয়ন ক্ষেত্ৰসমূহত উন্নত শিক্ষা আৰু গৱেষণাৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে।”

No comments:

Post a Comment