Tuesday, April 28, 2026

ৰাণীত পশুধনৰ চবকা ৰোগৰ সজাগতামূলক অনুষ্ঠান


গুৱাহাটী ,২৮ এপ্ৰিল:  ৰাষ্ট্ৰীয় পশু-ৰোগ নিয়ন্ত্রণ আঁচনিৰ অধীনত  বিনামূলীয়া চবকা ৰোগ (Foot and Mouth Disease ) প্ৰতিষেধক টিকাকৰণৰ বাবে কামৰূপ জিলাৰ পশু-পালন আৰু পশু-চিকিৎসা বিভাগৰ উদ্যোগত  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী খণ্ড পশু-চিকিৎসালয় আৰু ৰাজ্যিক পশু-চিকিৎসালয় সহযোগত  ৰাণী খণ্ডৰ অন্তৰ্গত মৈৰাপুৰ গাঁৱত অলপতে  এখন সপ্তম চক্ৰৰ চবকা ৰোগৰ সজাগতা  অনুষ্ঠানটো অনুষ্ঠিত হয় ।

 এই উপলক্ষে  কামৰূপ জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়া ডাঃ নাৰায়ণ চন্দ্র দেউৰীয়ে আঁত ধৰা সভাখনত ৰাণী খণ্ড পশু-চিকিৎসালয় আৰু আজাৰা ৰাজ্যিক পশু-চিকিৎসালয়ৰ পশু-চিকিৎসা বিষয়া আৰু সমূহ কৰ্মচাৰীৰ  লগতে দাঁতি কাষৰীয়া অঞ্চলৰ অৰ্ধ শতাধিক গোঁ পালক, কৃষক ৰাইজে অংশগ্রহণ কৰে। সভাত ডাঃ নাৰায়ণ চন্দ্র দেউৰীয়ে চবকা ৰোগৰ সজাগতাৰ লগতে আফ্রিকান ছোৱাইন জ্বৰ, চি এছ এফ, পি পি আৰ আদিৰ টিকাৰ বিষয়ে উল্লেখ কৰি জীৱ-জন্তুৰ জৈৱ-সুৰক্ষাৰ প্ৰতি কৃষক ৰাইজক অধিক যত্ন লোৱাৰ অনুৰোধ কৰি, আধাৰ চিডিং প্ৰক্ৰিয়াত ৰাইজৰ সহযোগিতা কামনা কৰে। 


অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ অধীনস্থ বিষয়া-কৰ্মচাৰীয়ে গৰুক চবকা ৰোগৰ প্ৰতিষেধক টিকা প্রদান কৰি আনুষ্ঠানিকভাবে টিকাকৰণ কাৰ্যসূচীৰ উদ্বোধন কৰে।  সিদিনা শতাধিক গৰুক চবকা ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰা হয়।

No comments:

Post a Comment