Sunday, April 12, 2026

আজাৰাৰ গৰাখহনীয়া সৎসঙ্গ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰি প্ৰধান শিক্ষক তাৰিণী কান্ত নাথক বিদায় সম্বৰ্ধনা



গুৱাহাটী ,১২ এপ্ৰিল: কামৰূপ মহানগৰ  জিলাৰ গুৱাহাটী শিক্ষাখণ্ডৰ কাঁহিকুছি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত আজাৰা মাটিয়াস্থিত গৰাখহনীয়া সৎসঙ্গ প্ৰাথমিক  বিদ্যালয়ৰ প্ৰধান শিক্ষক তাৰিণী কান্ত নাথে ১১ এপ্ৰিলত  অৱসৰ গ্ৰহণ কৰা উপলক্ষে বিদ্যালয় চৌহদত তেওঁক বিদায় সম্বৰ্ধনা জনোৱা হয়। 

এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত  আয়োজিত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষক - শিক্ষাৰ্থী ,  পৰিচালনা সমিতিৰ সভাপতি জোন দাসসহ কেবাজনো সদস্য, বৃহত্তৰ মাটিয়া অঞ্চলৰ ৰাইজ,বিভিন্ন দল - সংগঠনৰ প্ৰতিনিধি,  প্ৰাক্তন প্ৰধান শিক্ষক নিৰেন কুমাৰ দাস , কাঁহিকুছি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক গোবিন্দ দলৈ আৰু গোপাল ঝা  মাটিয়া কালি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ কলিতা সদৌ অসম যুৱ সংঘ‌ৰ কেন্দ্ৰীয় সভাপতি বিজয় দাস ,ভাৰতীয় জনতা পাৰ্টীৰ বিমানকোঠ মণ্ডলৰ অ বি চি মৰ্চাৰ সভাপতি হিতেশ বৰগোহাঁইকে ধৰি উপস্থিত কেবাজনেও তাৰিণী কান্ত নাথক গামোচা, জাপি , ফুলৰ থোপা, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে দীৰ্ঘজীৱন আৰু সুস্বাস্থ্য কামনা কৰে ৷ আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি তাৰিণী কান্ত নাথে  বিদ্যালয়খনৰ সৈতে থকা তেওঁৰ আবেগিক সম্পৰ্কৰ কথা দোহাৰে।

No comments:

Post a Comment