গুৱাহাটী,১৭এপ্ৰিল:-এছ'চিয়েচন অৱ ৰবটিক আৰু ইন’ভেটিভ চাৰ্জনছ( এ আৰ আই এছ ২০২৬)-ৰ বাৰ্ষিক সম্মিলনখন শুকুৰবাৰে মেফেয়াৰ স্প্ৰিং ভেলীত অনুষ্ঠিত হয়। এই সন্মিলনখন ভাৰত আৰু বিশ্বজুৰি ৰ’ব’টিক আৰু উদ্ভাৱনীমূলক শল্যচিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলষ্ট’ন হিচাপে পৰিগণিত। উল্লেখ্য, এ আৰ আই এছ ২০২২ চনত গুৱাহাটীতে জন্ম লৈছিল, সেয়া এক ধৰণৰ স্ব-গৃহত এইবেলি এই সন্মিলনৰ আয়োজন কৰা হয়।
উদ্ভোধনী অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰা হয়। অনুষ্ঠানত , মুখ্য অতিথি হিচাপে,উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব,ড° ৰবি কোটা, সন্মানিত অতিথি হিচাপে, এইমছ গুৱাহাটীৰ কাৰ্যর্বাহী সঞ্চালক ড° অশোক পুৰাণিক, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছুপ্ৰিম ক'ৰ্টৰ সন্মানীয় ন্যায়াধীশ উজ্জল ভূঞা উপস্থিত থাকে।সম্মিলনে ৰবটিক, লেপাৰ’স্ক’পিক আৰু এণ্ড’স্ক’পিক শল্যচিকিৎসাৰ অগ্ৰণী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলক একত্রিত কৰি এ আৰ আই এছ-ৰ বিশ্বস্ততা পুনঃপ্ৰমাণ কৰে। তদুপৰি বৈশ্বিক সহযোগিতা আৰু শল্যচিকিৎসাত এই সন্মিলনে উৎকৰ্ষতা আগবঢ়াইছে।
উদ্ভোধনী অনুষ্ঠানত কেইবাখনো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় যিয়ে এ আৰ আই এছ-ৰ বৰ্ধমান আন্তঃৰাষ্ট্ৰীয় আৰু একাডেমিক অংশীদাৰিত্বক দৃঢ় কৰে। চুক্তিসমূহ হৈছে এ আৰ আই এছ আৰু ৰাষ্ট্ৰীয় চার্জিকেল ব'ডী , যেনে কৰিয়ান এছ'চিয়েচন অৱ ৰ'বটিক চার্জনছ আৰু ছ'চাইটি অৱ এণ্ডলেপাৰ'স্ক'পিক চার্জনছ অৱ মালয়েছিয়াৰ মাজত স্বাক্ষৰিত হৈছিল। এই সন্মিলনত উপস্থিত থাকে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ সভাপতি আৰু ইয়ে ৰ’ব’টিক শল্যচিকিৎসাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিছে
ইয়াৰোপৰি শ্ৰী অৰবিন্দ ইউনিভাৰ্চিটি (এছ এ আই এম এছ), ইণ্ডোৰৰ সৈতে গুৰুত্বপূর্ণ একাডেমিক সহযোগিতা স্থাপন কৰা হয়। এ আৰ এই এছ-ৰ ফেল’চিপ পাঠ্যক্ৰমক এছ এ আই এম এছ ইউনিভাৰ্চিটি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত অনুমোদন কৰা হয়।
এই সহযোগিতাই এ আৰ আই এছ ফেল’সকলৈ ফেল’শ্বিপ ডিগ্ৰী প্ৰদানৰ সুযোগ আগবঢ়াইছে, যাৰ জৰিয়তে উন্নত শল্যচিকিৎসা প্ৰযুক্তিত প্ৰশিক্ষণ আৰু একাডেমিক স্বীকৃতি নিশ্চিত কৰা হৈছে। লগতে, এ আৰ আই এছ আৰু আই আৰ চি এ ডি, ইণ্ডিয়াৰ মাজতো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, যি ফ্ৰান্সৰ Strasbourg-ৰ প্ৰখ্যাত আই আৰ চি এ ডি স্কিল্চ চেণ্টাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান। এ আৰ আই এছ-ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সাংগঠনিক কমিটীৰ সভাপতি,ডাঃ সুভাষ খন্নাই সন্মিলনত উল্লেখ কৰে যে ২০২২ চনৰ পৰা এ আৰ আই এছ বিশ্বব্যাপী এখন মঞ্চ হিচাপে দ্ৰুত গতিত আগবাঢ়ি গৈছে। তেওঁ এ আৰ আই এছে লক্ষ্য স্পষ্ট কৰিছিল যে—উন্নত শল্যচিকিৎসা প্ৰযুক্তি সকলোলৈ সহজলভ্য কৰা, দক্ষতা বিকাশ কৰোৱা আৰু বৈশ্বিক অংশীদাৰিত্বৰ জৰিয়তে উদ্ভাৱন আগবঢ়োৱা মূল লক্ষ্য হ'ব।এই সম্মিলন ১৬ ৰ পৰা ১৯ এপ্ৰিললৈ অনুষ্ঠিত হয় য’ত ১৪খন লাইভ ছার্জিকেল প্ৰচিডিউৰ অনুষ্ঠিত হয়।
উল্লেখ্য,টেলি ৰ'বটিক ছাৰ্জাৰী-ৰ যি দুটা প্ৰদৰ্শন স্বাগত হাস্পতালৰ মাজত এছ এছ আই মন্ত্ৰা ইণ্ডিজি নিয়াজ ৰ'বটিক চিষ্টেম ব্যৱহাৰ কৰি সম্পন্ন হয়।মন্ত্ৰা ইণ্ডিজি নিয়াজ ৰ'বটিক চিষ্টেম গুৱাহাটীৰ মালিগাঁৱস্থিত স্বাগত হাস্পতালত ৰোগীৰ ওপৰত সফলভাৱে অশ্ৰোপচাৰ সম্পন্ন কৰা হয়। ৬৪জন ফেল’ আৰু ৮জন সন্মানীয় ফেল’-ক FARIS ফেল'শ্বিপ প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্ থ চায়েঞ্চৰ উপাচাৰ্য ড° অনুপ কুমাৰ বাৰ্মন আৰু শ্ৰী অৰবিন্দ ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ(এছ এ আই এম এছ)-ৰ উপাচাৰ্য ড° অনিল কুমাৰ মিশ্ৰা। FARIS ২০২৬–২০২৭ বেট্ ছৰ বাবে ইতিমধ্যে ১০০ জন চিকিৎসকে পঞ্জীয়ন কৰিছে। সম্মিলনত ৫০০ৰো অধিক চিকিৎসকে অংশগ্ৰহণ কৰে আৰু ২০০+ বৈজ্ঞানিক প্ৰতিষ্ঠাপন অন্তৰ্ভুক্ত থাকে। সন্মিলনত প্ৰেজেণ্টেচন, মূল বিষয়ত বক্তব্য, আলোচনাচক্ৰ অনুষ্ঠিত হয়। এ আৰ আই এছ ২০২৬ এ ভাৰত ৰ’ব’টিক আৰু লঘুমুখী শল্যচিকিৎসাত আগ্ৰণী আৰু বৈশ্বিক সহযোগিতা, শিক্ষাদান আৰু উৎকৰ্ষৰ জৰিয়তে শল্যচিকিৎসা উদ্ভাৱনৰ ভৱিষ্যত গঢ়িছে বুলি পুনৰবাৰ প্ৰমাণিত কৰে।


No comments:
Post a Comment