Wednesday, March 25, 2026

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত ‘অসম সংগীত’—শীঘ্ৰে মুক্তি পাব দৃশ্য-শ্ৰব্য উপস্থাপনা


 

ডিব্ৰুগড়, ২৬ মাৰ্চ: আধুনিক অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী তথা ‘ৰসৰাজ’ ৰূপে পৰিচিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু তিথিত তেখেতৰ অমূল্য সৃষ্টিৰাজিৰ অন্যতম ‘অসম সংগীত’ পুনৰায় জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ উদ্যোগ গ্ৰহণ কৰা হৈছে।

জানিব পৰা মতে, ‘সৃষ্টিৰূপা’ৰ সৌজন্যত “অ’ মোৰ আপোনাৰ দেশ” অনুষ্ঠানৰ অধীনত ‘অসম সংগীত’ৰ সম্পূৰ্ণ ৪৮ শাৰীৰ গীতটি এখন নতুন দৃশ্য-শ্ৰব্য ৰূপত শীঘ্ৰে মুক্তি পাব। এই প্ৰকল্পটো কল্পনা ৰাজকুমাৰৰ প্ৰয়োজনাত আৰু বন্দনা তালুকদাৰৰ পৰিচালনাৰে প্ৰস্তুত কৰা হৈছে।

উল্লেখযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল ১৯৩৮ চনৰ ২৬ মাৰ্চত ডিব্ৰুগড়ত। ১৮৬৪ চনৰ ১৪ অক্টোবৰ জন্মগ্ৰহণ কৰা এই মহাপুৰুষজন আছিল অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক, লগতে তেওঁ নাট্যকাৰ, কবি আৰু ঔপন্যাসিক হিচাপে অসমীয়া ভাষা-সাহিত্যলৈ অসামান্য অৱদান আগবঢ়াই গৈছে।

তেখেতৰ মৃত্যুৰ পিছত অসমীয়া সাহিত্য জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছিল, যদিও তেখেতৰ সৃষ্টিসমূহে আজিও সমাজ জীৱনক প্ৰেৰণাদায়ক কৰি ৰাখিছে। এই নতুন উপস্থাপনাৰ জৰিয়তে নতুন প্ৰজন্মই তেখেতৰ সাহিত্যিক ঐতিহ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ আশা কৰা হৈছে।

প্ৰকল্পটোৰ সৈতে জড়িত সকলে জনসাধাৰণক এই বিশেষ উপস্থাপনাৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment