Saturday, March 7, 2026

গুৱাহাটীৰ চি আৰ পি এফৰ কম্পজিট হাস্পতালত ৰক্তদান শিবিৰ সম্পন্ন




গুৱাহাটী , ৭ মার্চ  :  কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ  চি আৰ পি এফ দিৱসৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অংশ হিচাপে ৬ মাৰ্চত গুৱাহাটীৰ নমাইলৰ আমেৰিগোগস্থিত  চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰত থকা কম্প'জিট হাস্পতালত  এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ) ৰ ব্লাড বেংকৰ সহযোগত অনুষ্ঠিত  ৰক্তদান শিবিৰটো পৰিচালনা কৰে চি আৰ পি এফৰ চিকিৎসা বিভাগৰ মহা পৰিদৰ্শক আৰু  কম্প'জিট হাস্পতালৰ চিকিৎসা অধীক্ষক ডাঃ পার্থ মিত্ৰই। আনহাতে  বন্তি প্রজ্বলনেৰে  শুভাৰম্ভ কৰা শিবিৰত  চি আৰ পি এফৰ  উত্তৰ পূব  মণ্ডলৰ  মহা পৰিদৰ্শক  বিজয় কুমাৰ  , চিকিৎসা বিভাগৰ মহা পৰিদৰ্শক  ডাঃ চানাচাম ৰণবীৰ সিং আৰু গুৱাহাটী গ্ৰুপৰ উপ মহা পৰিদৰ্শক  মহম্মদ জামাল খানৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ জ্যেষ্ঠ বিষয়া , চিকিৎসা বিষয়া আৰু গণ্য-মান্য লোক  উপস্থিত থাকে।


 

 অনুষ্ঠানত ভাষণ প্ৰসংগত কেবাজনেও  স্বেচ্ছাসেৱী ৰক্তদানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে আৰু দেশৰ সুৰক্ষাৰ লগতে এনে মনৱীয় কার্যত আগবাঢ়ি আহি সমাজৰ বাবে উদাহৰণ দাঙি ধৰা চি আৰ পি এফৰ জোৱানসকলক প্রশংসা কৰে। আনহাতে শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পেথলজী বিভাগৰ অধ্যাপক আৰু ব্লাড বেংকৰ মূৰব্বী ডাঃ দীপাংকৰ বৰুৱাৰ তত্বাৱধানত এটা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে শিবিৰত ৰক্তদান কৰা সকলোৰে সংগ্ৰহীত ৰক্তসমুহ ব্লাড বেংকলৈ সুৰক্ষিতভাবে লৈ যায়। উল্লেখ্য যে শিবিৰত চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক বিজয় কুমাৰ,  চিকিৎসা অধীক্ষক ডাঃ ৰীনা সিং, ডেপুটী কমাডেণ্ট ডেনিয়েল লালমিংথায় , সহকাৰী কমাডেণ্টদ্বয় ভূষণ উইকি আৰু ৰাকেশ কুমাৰকে ধৰি গ্ৰুপ চেন্টাৰ , কম্পজিট হাস্পতাল , ১২৮ বেটেলিয়ান, ১৭৫ বেটেলিয়ান , ৭ চিগনেল বেটেলিয়ানৰ কেবাজনো বিষয়া - জোৱানসহ মুঠ ৪৪ জনে ৰক্তদান কৰিছিল।

No comments:

Post a Comment