গুৱাহাটী , ১৯ মাৰ্চ : সমগ্ৰ শিক্ষা কামৰূপ মহানগৰ আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেচনৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ হোটেল নক্ষত্ৰত এদিনীয়া কাৰ্যসূচীৰে এখন জিলা পৰ্যায়ৰ জীৱন দক্ষতা (Life Skills) অভিজ্ঞতা বিনিময় বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয় । উল্লেখ্য যে কৰ্মশালাখনৰ মূল উদ্দেশ্য আছিল জীৱন দক্ষতা শিক্ষা কাৰ্যসূচীৰ প্ৰভাৱ প্ৰদৰ্শন কৰা আৰু কিশোৰ-কিশোৰী, শিক্ষক তথা শিক্ষা বিষয়াসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এক মঞ্চ প্ৰদান কৰা। আনহাতে কৰ্মশালাখনত অভিজ্ঞতা আৰু শিকনি বিনিময় কৰা হয় ।
লগতে কিশোৰ-কিশোৰীসকলৰ ব্যক্তিগত আৰু শৈক্ষিক জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৰ্মশালাত কেবাজনো জিলা পৰ্যায়ৰ বিষয়া , শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ প্ৰতিনিধি, ন’ডেল শিক্ষক, মাষ্টাৰ ট্ৰেইনাৰ, ব্লক পৰ্যায়ৰ শিক্ষা বিষয়া, নিৰ্বাচিত শিক্ষাৰ্থী , কিশোৰ-কিশোৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি, সহযোগী সংগঠনৰ সদস্য আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেচনৰ দলৰ সদস্যসহ প্ৰায় ৮০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনৰ মুখ্য আকর্ষণ সমূহৰ ভিতৰত আছিল জীৱন দক্ষতা শিক্ষা কাৰ্যসূচীৰ ওপৰত প্ৰেজেণ্টেশ্যন, শিক্ষাৰ্থীৰ প্ৰজেক্ট, ফটো আৰু ভিডিঅ’ প্ৰদৰ্শনৰ এক গেলাৰী ৱাক, পেনেল আলোচনা, আৰু এক মুকলি প্ৰশ্নোত্তৰ অধিবেশন অনুষ্ঠিত হয় । ইয়াৰ উপৰিও উন্নত প্ৰদৰ্শন কৰা বিদ্যালয়, ন’ডেল শিক্ষক, মাষ্টাৰ ট্ৰেইনাৰ আৰু শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।

No comments:
Post a Comment