Tuesday, February 10, 2026

ব্ৰহ্মপুত্ৰেৰে অতি মাত্ৰাৰ কাৰ্গো পৰিবহণ কৰি IWAI-ৰ গুৰুত্বপূৰ্ণ সফলতা, অসমত চেমিকণ্ডাক্টৰ খণ্ডলৈ গতি


 গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণে (IWAI) অন্তৰ্দেশীয় জলপথৰ জৰিয়তে অতি মাত্ৰাৰ যন্ত্ৰ আৰু সামগ্ৰী (Over Dimensional Cargo–ODC) পৰিবহণৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। এই সফলতাই দক্ষ, কম খৰচী আৰু পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাৰ প্ৰতি IWAI-ৰ দায়বদ্ধতাক পুনৰায় প্ৰতিফলিত কৰে।

অসমৰ উদীয়মান চেমিকণ্ডাক্টৰ খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮৯.২৬০ মেট্ৰিক টন ওজনৰ এক অতি গুৰুত্বপূৰ্ণ ODC ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ জৰিয়তে আজি পাণ্ডুত উপনীত হয়। এই বিশাল কাৰ্গোৰ চূড়ান্ত গন্তব্যস্থান হৈছে মৰিগাঁৱত অৱস্থিত টাটা চেমিকণ্ডাক্টৰ এচেম্বলী ইউনিট।



উল্লেখযোগ্য যে এই ODC-ৰ যাত্ৰা পশ্চিম বংগৰ ডায়মণ্ড হাৰ্বাৰৰ পৰা আৰম্ভ হৈছিল। এম ভি চিত্ৰাঙ্গদা নামৰ জাহাজখনৰ জৰিয়তে ই ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুট (IBPR) ব্যৱহাৰ কৰি ধুবুৰীৰে অসমত প্ৰৱেশ কৰে আৰু সফলভাৱে পাণ্ডুত উপস্থিত হয়। পৰৱৰ্তী পৰ্যায়ত শিলঘাটত এই কাৰ্গো নমোৱাৰ সময়সূচী ধাৰ্য কৰা হৈছে।

এই সফল পৰিবহণে গধুৰ আৰু বিশেষ ধৰণৰ কাৰ্গোৰ ক্ষেত্ৰত অন্তৰ্দেশীয় জলপথক এক সহজ, নিৰাপদ আৰু কম খৰচী বিকল্প হিচাপে গঢ়ি তোলাৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক উজ্জ্বল কৰি তোলে। লগতে, অন্তৰ্দেশীয় জলপথ ব্যৱহাৰে কাৰ্বন নিঃসৰণ হ্ৰাস কৰি সেউজ লজিষ্টিকছৰ লক্ষ্য পূৰণত সহায় কৰে।

ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় জলপথ-২ৰ উন্নয়নে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ, উদ্যোগিক বিনিয়োগ আৰু বহুমুখী পৰিবহণ ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।





No comments:

Post a Comment