Friday, February 6, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত Echoes of North East শীৰ্ষক সাহিত্য-সাংস্কৃতিক অনুষ্ঠান আৰম্ভ


 
গুৱাহাটী, ফেব্ৰুৱাৰী ৬, ২০২৬ : প্ৰভা খৈতান ফাউণ্ডেচন তথা অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতি আৰু সাহিত্যৰ বিভিন্ন দিশক সাঙুৰি লোৱাৰ উদ্দেশ্যেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৬ ফেব্ৰুৱাৰীত 'Echoes of North East' শীৰ্ষক সাহিত্য আৰু সাংস্কৃতিক উৎসৱ আৰম্ভ হয়।



উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উত্তৰ পূৰ্বাঞ্চলৰ  সাহিত্য আৰু সংস্কৃতিৰ ব্যাখ্যা কৰি উল্লেখ কৰে যে, "উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য আৰু সংস্কৃতি কেৱল ভৌগোলিক পৰিসৰৰ ভিতৰত সীমাবদ্ধ নহয়, বৰঞ্চ ই যুগে যুগে গঢ় লৈ উঠা লোকজীৱন, ইতিহাস, বিশ্বাস আৰু সৃষ্টিশীলতাৰ এক জীৱন্ত দলিল, যিয়ে সমগ্ৰ ভাৰতীয় সাংস্কৃতিক পৰিচয়ক অধিক বিস্তৃত আৰু সমৃদ্ধ কৰি তোলে। এনেধৰণৰ সাহিত্য আৰু সাংস্কৃতিক উৎসৱসমূহে উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীল প্ৰতিভাক এখন মঞ্চত একত্ৰিত কৰি নৱপ্ৰজন্মক সকলোৰে লগত সংযোগ স্থাপন কৰিবলৈ প্ৰেৰণা যোগায়।”

অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক ড⁰ ধ্ৰুৱজ্যোতি বৰাই উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে। 



প্ৰথম দিনৰ কাৰ্যসূচীত Women's Voices in North Eastern Indian Literature, North East Literature in English, Necessity of Mother Tongue আৰু Hills That Speak: Nature as Voice in North-East Poetry: Poets' Meet শীৰ্ষক চাৰিটা বক্তৃতানুষ্ঠান সম্পন্ন হয়। 

সহকাৰী অধ্যাপক ড⁰ ধূৰ্জ্জটি শৰ্মাই আঁতধৰা উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অধ্যাপক প্ৰদীপ জ্যোতি মহন্ত, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, প্ৰভা খৈতান ফাউণ্ডেচনৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড⁰ কে শ্ৰীনিৱাসৰাও, শ্ৰীমতী অনিন্দিতা চেটাৰ্জীকে প্ৰমুখ্যে কৰি বিশিষ্ট সাহিত্যিক, অধ্যাপক-অধ্যাপিকা, গৱেষক শিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী আৰু সাহিত্য অনুৰাগী উপস্থিত থাকে।


No comments:

Post a Comment