গুৱাহাটী, ফেব্ৰুৱাৰী ৩ : প্রতি বছৰৰ দৰে এই বেলিও গুৱাহাটী মহানগৰীৰ গাড়ীগাঁওস্থিত হজৰত শ্বেইখ জালালউদ্দিন তব্ৰিজী (ৰঃ)ৰ দৰগাহ শ্বৰীফত উৰুচ উদ্যাপন সমিতিৰ উদ্যোগত অহা ইং ৭ আৰু ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ শনিবাৰ আৰু ৰবিবাৰে দুদিনীয় কাৰ্যসূচীৰে ১১৮ তম্ উৰুচ উদদযাপনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত উৰুচ উদ্যাপন সমিতিৰ সভাপতি অধিবক্তা জ্যোৎস্না আলি আৰু সাধাৰণ সম্পাদক আখতাৰ হুছেইনে এক বিবৃতি যোগে জনায় যে
৭ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা ৮-৩০ বজাত উৰুচ উদ্যাপন সমিতিৰ পতাকা উত্তোলন কৰিব উৰুচ উদযাপন সমিতিৰ সভাপতি অধিবক্তা জ্যোৎস্না আলীয়ে। ৯-০০ বজাত দৰগাহ শ্বৰীফত সমূহীয়া জিয়াৰত।সন্ধিয়া ৬.৩০ বজাত মঞ্চ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সী। ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা ১০-৩০ বজাত কেৰাত পাঠ, ১১-৩০ বজাত উৰুচ সম্পর্কে ধৰ্ম্মীয় আলোচনা চক্র। আলোচনা চক্ৰত সভাপতিত্ব কৰিব উৰুচ উদ্যাপন সমিতিৰ সভাপতি অধিবক্তা জ্যোৎস্না আলীয়ে । আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হাফিজ ক্বাৰী নিজামুদ্দিন ক্বাদৰি ,
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব , উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান , জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত কুমাৰ সিং, জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিসয়া ৰূপম দাস, দুপৰীয়া ৩-০০ বজাত আয়োজিত মিলাদ শ্বৰীফ পৰিচালনা কৰিব গাড়ীগাঁও বৰ মছজিদৰ পেছ ইমাম হজৰত আল্লামা মৌলানা কাৰী মোঃ হেদায়ৎ আলী ৰেজবীয়ে । বিয়লি ৩-৩০ বজাত সকলোৰে মঙ্গলৰ বাবে আখেৰি দোৱা আৰু নিয়াজ বিতৰণ।
No comments:
Post a Comment