Thursday, February 5, 2026

ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম'হৰ উপদ্ৰৱ ; কৃষকৰ উৎপাদিত সামগ্ৰী নষ্ট

 


গুৱাহাটী , ৫  ফেব্ৰুৱাৰী  : পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক  কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা  ৰাণী চাপৰিত বনৰীয়া ম'হ ৰ মুক্ত বিচৰণত কৃষক ৰাইজ আতংকিত হৈ পৰিছে। বনৰীয়া ম'হৰ মুক্ত বিচৰণৰ লগতে  কৃষি ভূমিত উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি অহা ধাৰাপুৰ, গঁড়ল, ভট্টাপাৰা, কেন্দুকুচি আদি অঞ্চলৰ চাৰি শতাধিক থলুৱা কৃষক। বিশেষকৈ দিনৰ ভাগত ৰাণী চাপৰিৰ হাবিয়নী অঞ্চলত লুকাই থকাৰ ফলত কাৰো চকুত নপৰা বনৰীয়া ম'হৰ জাকটোৱে  সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই কৃষি ভূমিত তাণ্ডৱ আৰম্ভ কৰে ।  

কপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা কেঁচা শাক পাচলি , কবি , সৰিয়হকে ধৰি বিভিন্ন ঋতুকালীন শস্য খাই তহিলং কৰি এক সন্ত্ৰাস চলাই আছে। জানিব পৰা মতে ২০২৪ বৰ্ষৰ আগষ্ট মাহত বাৰিষাৰ বাঢ়নী পানীত কৰবাৰ পৰা উটি আহিছিল প্ৰায় ১০ টা মান ম'হ । তাৰ পাছত বিগত ডেৰ বছৰত বংশবৃদ্ধি হৈ বৰ্তমান ম'হৰ সংখ্যা প্ৰায় ১৮ ৰ পৰা ২০ টালৈ বৃদ্ধি পোৱা বুলি সদৰি কৰিছে একাংশ কৃষকে । ইফালে ৰাইজৰ দাবীত ২০২৫ বৰ্ষৰ এপ্ৰিল মাহত ৰাণী চাপৰিত বনৰীয়া ম'হৰ জাকটো খেদি পঠিয়াবলৈ  বন বিভাগৰ এটি বৃহৎ দল উপস্থিত হৈছিল । 


 

পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ পলাশবাৰী , ৰাণীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ লগতে  বশিষ্ঠ, খানামুখ আদি খণ্ড বন বিষয়া কাৰ্যালয়ৰ  বনকৰ্মী, আজাৰা আৰক্ষী থানা আৰু স্থানীয় কৃষক ৰাইজে উপস্থিত হৈ এক বৃহৎ অভিযান চলাই বনৰীয়া ম'হৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলাইছিল । কিন্তু ৰাণী চাপৰিৰ ঘন জংঘলত বন বিভাগৰ লোকে প্ৰৱেশ কৰি বনৰীয়া ম'হ ৰ জাকটোক প্ৰত্যক্ষ কৰি খেদি পঠিয়াবলৈ চেষ্টা চলাইছিল যদিও ম'হৰ জাকটোক খেদিবলৈ সক্ষম নহল। এই সন্দৰ্ভত  একাংশ কৃষকে জানিবলৈ দিয়া মতে কিছুদিন  পূৰ্বে প্ৰণীতা কলিতা দাস নামৰ মহিলা কৃষক গৰাকীৰ লহপহকৈ বাঢ়ি অহা বুজন পৰিমাণৰ সৰিয়হৰ খেতি নষ্ট কৰে ম'হৰ জাকটোৱে । 

একেদৰে গড়ল গাঁৱৰ গাওঁ প্ৰধান তথা আদৰ্শ কৃষক কৃষক ভূপেন বৰুৱাৰ কেবাবিঘা মাটিত কপালৰ ঘাম মাটিত পেলাই কৰা বন্ধা কবি আৰু আন শস্য ,  শতাধিক  কৃষকৰ  ব্ৰকলি , লাউ আৰু অন্যান্য শাক পাচলি আদিও নষ্ট কৰাত কৃষক সকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।  ধাৰাপুৰ গাঁৱৰ  চৰকাৰী গাওঁ প্ৰধান ধৰ্মকান্ত কলিতা ৰাণী চাপৰিৰ গাওঁ প্ৰধান মনু দাস আৰু  গঁড়ল গাঁৱৰ গাওঁ প্ৰধান ভূপেন বৰুৱাই    বন বিভাগক অনুৰোধ জনাইছে যাতে বনৰীয়া ম'হৰ জাকটোক ৰাণী চাপৰিৰৰ পৰা খেদি পঠিয়াই কৃষকৰ প্ৰাণ ৰক্ষাৰ লগতে উৎপাদিত কৃষিজাত সামগ্ৰী ৰক্ষা কৰে । জানিব পৰা মতে বিগত প্ৰায় এটা মাহত বিয়লি আৰু সন্ধিয়াৰ  ভাগত কেবাজনো  কৃষকক বনৰীয়া ম'হৰ জাকটোৱে  আক্ৰমণৰ বাবে চোচা লৈছিল । 


 

কিন্তু তেওঁলোক দৌৰি গৈ ঘৰৰ ভিতৰত সোমাই যোৱাত সোঁভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০২৫ বৰ্ষৰ মাঘ বিহুৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাণী চাপৰি পৰিদৰ্শন কৰি থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰী দেখি অভিভূত হৈছিল। আনকি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খৰালী সময়ত অহা - যোৱা কৰাৰ সুবিধাৰ্থে  লোক নিৰ্মাণ পথ বিভাগৰ জালুকবাৰী সংমণ্ডলৰ ফালৰ পৰা বিগত ডিচেম্বৰ মাহৰ ভিতৰত এখন ভাসমান দলং নিৰ্মাণ কৰা হয়। একেদৰে শক্তি বিভাগৰ ফালৰ পৰা ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে কাম চলি আছে। তেনেদৰে তাত যুগ যুগ ধৰি কৃষি কৰ্ম কৰি অহা কৃষকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজাৰা ৰাজহ চক্ৰৰ ফালৰ পৰা জৰীপ কাৰ্য সম্পন্ন কৰা হৈছে। যাৰ বাবে বনৰীয়া ম'হৰ উপদ্ৰৱৰ পৰা ৰাণী চাপৰিৰ উৎপাদিত কৃষি সামগ্ৰী ৰক্ষাৰ বাবে কৃষক সকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।

No comments:

Post a Comment